NORTHEAST NOW (Assamese)

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰক সম্বোধন ||Live Video

May 12, 2020 8:05 pm · এন ই নাও নিউজ
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছৰ বিৰুদ্ধে তৃতীয় পৰ্য্যায়ৰ লকডাউনৰ মাজতে মঙলবাৰে ৰাষ্ট্ৰক সম্বোধন কৰিছে।

সন্ধিয়া ৮ বজাৰ পৰা এই সম্বোধন আৰম্ভ হৈছে।

তৃতীয় পৰ্যায়ৰ ল’কডাউনৰ সামৰণি পৰাৰ পাছত ক’ৰ’নাৰ সক্ৰমণৰ মাজত কি দৰে দেশক আগবঢ়াই লৈ যোৱা হ’ব নে পুনৰ চতুৰ্থ পৰ্যায়ৰ ল’কডাউন ঘোষণা কৰা হ’ব সেই সম্বন্ধে প্ৰধান মন্ত্ৰীয়ে নিজৰ সম্বোধনত উল্লেখ কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও প্ৰধান মন্ত্ৰী মোদীয়ে প্ৰথম পৰ্যায়ৰ ল’কডাউন, দ্বিতীয় পৰ্যায়ৰ ল’কডাউন ঘোষণা কৰাৰ সময়তো ৰাষ্ট্ৰক সম্বোধন কৰিছিল।

প্ৰধান মন্ত্ৰীয়ে ১১ মে’ত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্য মন্ত্ৰীসকলৰ সৈতে ৬ ঘণ্টাজোৰা দীঘলীয়া ভিডিঅ’ কনফাৰেন্সিঙত মত বিনিময় কৰে।

নৰেন্দ্ৰ মোদীয়ে ল’কডাউনৰ পৰা ওলাই অহা সন্দৰ্ভত ১৫ মে’ৰ পূৰ্বে মুখ্য মন্ত্ৰী সকলৰ পৰা উপদেশ বিচাৰে।

আজি ৰাষ্ট্ৰক সম্বোধন কৰাৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰব্ৰজিত শ্ৰমিক, অৰ্থব্যৱস্থা, ৰে’ল যাতায়ত আদি সন্দৰ্ভতো মতামত প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।

ভাৰতত তৃতীয় পৰ্যায়ৰ ল’কডাউন শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যাই ৭০,০০০ অতিক্ৰম কৰিছে।

দেশত বৰ্তমানলৈ ২৩,০০০ অধিক লোক সম্পূৰ্ণৰূপে সুস্থ হৈ চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰিছে।

Related News