NORTHEAST NOW (Assamese)
অসম

জন্মজয়ন্তীত মহাত্মা গান্ধী আৰু লালবাহাদুৰ শাস্ত্ৰীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধান মন্ত্ৰী মোদীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 2, 2020 10:58 am

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫১ সংখ্যক জন্মজয়ন্তী উপলক্ষ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

”বাপুৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো। তেওঁৰ জীৱন আৰু চিন্তাৰ পৰা আমি প্ৰচুৰ শিকিবলগীয়া আছে। উন্নত আৰু সমৃদ্ধ ভাৰত গঢ়াৰ ক্ষেত্ৰত বাপুৰ আদৰ্শই যাতে আমাক সদায় পথপ্ৰদৰ্শন কৰে,” ৰাজঘাটত গান্ধীজীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এইদৰে উল্লেখ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধান মন্ত্ৰীৰ উপৰিও দেশৰ গৃহ মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীকে ধৰি চৰকাৰ আৰু বিৰোধীৰ প্ৰায় সকলো নেতা-কৰ্মীয়ে আজি মহাত্মা গান্ধীক স্মৰণ কৰে।

ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছতে আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী বিজয় ঘাটত উপস্থিত হৈ প্ৰয়াত প্ৰধান মন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীৰ জন্মজয়ন্তী উপলক্ষ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

লালবাহাদুৰ শাস্ত্ৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোদীয়ে কয় যে, লালবাহাদুৰ শাস্ত্ৰীয়ে সৰলতা আৰু সাধাৰণ জীৱন শৈলীৰে আমাৰ দেশক সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত প্ৰচুৰ অৰিহনা যোগাইছিল। সমগ্ৰ দেশে তেওঁৰ কৰ্মৰাজি সদায় মনত ৰাখিব।