NORTHEAST NOW (Assamese)
দেশ

মহাৰাজা বনাম নবাব, ৰজা বনাম বাদশ্বাহ, শিৱাজী বনাম ঔৰংজেব! পুনৰ মেৰুকৰণত ব্যস্ত নেকি প্ৰধানমন্ত্ৰী মোদী?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 29, 2024 6:25 pm

মহাৰাজা বনাম নবাব। ৰজা বনাম বাদশ্বাহ। শিৱাজী বনাম ঔৰংজেব।নতুন ৰূপত মেৰুকৰণ আনিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ কম হোৱাৰ পাছত প্ৰধানমন্ত্ৰীয়ে প্ৰচাৰৰ কেন্দ্ৰবিন্দুলৈ মেৰুকৰণ আনিছিল বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে। যিহেতু দ্বিতীয় পৰ্যায়তো ভোটগ্ৰহণৰ পৰিস্থিতি উন্নত নহ’ল, সেয়েহে কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত হিন্দু-মুছলমানৰ বিভাজন নতুন ৰূপত আনি ৰাহুল গান্ধী আৰু কংগ্ৰেছক লক্ষ্য কৰি লয়। লগতে আজি কৰ্ণাটকৰ প্ৰতিখন জনসভাৰ শেষত প্ৰধানমন্ত্ৰীৰ আহ্বান, “যিমানেই গৰম নহওক কিয়, প্ৰথমে ভোট দিয়ক, তাৰ পাছত পানী খাওক।”

ৰাহুলক ‘শ্বাহজাদা’ (ৰাজকুমাৰ) বুলি উল্লেখ কৰি মোদীয়ে কয় যে, কংগ্ৰেছে স্বাধীনতা সংগ্ৰামৰ পাছৰে পৰা ভোট বেংকৰ বাবে তোষণৰ বহীত নিজৰ নাম লিখিছে। কংগ্ৰেছৰ শ্বাহজাদাই সেই পাপক আৰু আগুৱাই লৈ গৈছে। তেওঁৰ মতে ভাৰতৰ ৰজাসকল অত্যাচাৰী আছিল। নিজৰ ইচ্ছামতে দুখীয়াৰ মাটি কাঢ়ি লৈ ​​গৈছিল। শ্বাহজাদাৰৰ এই ভাষণ তোষণৰ ভাষণ। কংগ্ৰেছে এই কথা কৈ শিৱাজীক অপমান কৰিলে। জনতা উদ্দেশ্যি মোদীয়ে লগতে কয়, ভাবি চাওকচোন, মহাৰাজক বদনাম কৰিছে, কিন্তু ভাৰতীয় জনসাধাৰণৰ ওপৰত নিজাম, বাদশ্বাহ, চুলতান সকলে কৰা অত্যাচাৰৰ বিষয়ে শ্বাহজাদাৰ মুখত তলা বন্ধ হৈ আছে৷ভাৰতলৈ আহি লুটপাত কৰা, গৰু হত্যা কৰা, ভাৰত বিভাজনত মুখ্য ভূমিকা লোৱা সকলৰ নাম মনত নাই। কোনোবাই ভাবিব পাৰেনে, বাৰাণসীৰ ৰজাৰ অবিহনে বেনাৰস হিন্দু বিশ্ববিদ্যালয় হ’লহেঁতেন? মহাৰাণী অহল্যাবাইয়ে হোলকাৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰি আমাৰ বিশ্বাস ৰক্ষা কৰিলে। বৰোদাৰ মহাৰাজে বাবাচাহেবে আম্বেদকাৰৰ প্ৰতিভাক চিনি পাই বহিঃৰাষ্ট্ৰত পঢ়িবলৈ পঠিয়াইছিল। কিন্তু কংগ্ৰেছৰ শ্বাহজাদাৰৰ এই সকলোবোৰ মনত নাই! নবাব চুলতানৰ বিৰুদ্ধে তেওঁৰ এষাৰো শব্দ নাই।

কিন্তু দৰাচলতে ৰাহুলে নিজৰ প্ৰচাৰত কৈছে, “আগতে ৰজা মহাৰাজৰ শাসনত তেওঁলোকে যি ইচ্ছা কৰিছিল।মাটিৰ প্ৰয়োজন হ’লে মানুহৰ পৰা ল’ব পাৰিছিল। দেশবাসীৰ লগতে কংগ্ৰেছে দেশক স্বাধীনতা দিছে, গণতন্ত্ৰ আনিছে, সংবিধান উপহাৰ দিছে। এই সংসদত আজি ইংৰাজৰ কথা কোৱা হৈছে। ৰজা-মহাৰজাৰ এসময়ত ইংৰাজৰ সৈতে গভীৰ সম্পৰ্ক আছিল।এই অপমানজনক মন্তব্যৰ বাবে মোদীয়ে তৎক্ষণাত ৰাজপুত সম্প্ৰদায়ৰ ওচৰত ক্ষমা বিচৰা উচিত।”

বিগত কিছুদিন ধৰি প্ৰচাৰ চলাই অহাৰ বাবে আজি মোদীয়ে অন্যান্য সংলাপ ব্যৱহাৰ কৰা দেখা গ’ল।আজিৰ ভাষণত ‘এক্স ৰে’ আৰু ‘উত্তৰাধিকাৰ কৰ’ বিষয়টো উত্থাপন কৰিলে। কৰ্ণাটকৰ জনসাধাৰণক সকীয়াই দিয়াৰ অভিযোগত তেওঁ কয়, “কংগ্ৰেছৰ শ্বাহজাদা আৰু তেওঁৰ ভগ্নী দুয়োগৰাকীয়ে ঘোষণা কৰিলে যে কংগ্ৰেছ জয়ী হ’লে দেশৰ জনসাধাৰণৰ সঞ্চিত ধন, গাড়ী, স্কুটাৰ, ষ্ট্ৰী-ধন, মংগলসূত্ৰ, সোণৰ এক্স-ৰে কৰা হ’ব। ঘৰবোৰৰ এক্স-ৰে কৰি কংগ্ৰেছে ধন-সম্পত্তি লুট কৰিব খোজে। সেই ধন পছন্দৰ ভোট বেংকত বিতৰণ কৰা হ’ব। কংগ্ৰেছক আপোনাৰ ধন-সম্পত্তি লুট কৰিবলৈ দিবনে? মই কংগ্ৰেছক সকীয়াই দিব বিচাৰো, মোদী জীয়াই থকালৈকে এই ইচ্ছা আপোনালোকে পূৰণ কৰিবলৈ নাপাব।টোপনি যোৱা কংগ্ৰেছ চৰকাৰ যদি দিল্লীলৈ আহে তেন্তে তেওঁলোকে এনে আইন প্ৰৱৰ্তন কৰিব য’ত চৰকাৰে আপোনাৰ জীৱন সঞ্চয়ৰ ৫৫ শতাংশ কাঢ়ি নিব। প্ৰতিজন পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ বাবে কিবা নহয় কিবা এটা এৰি দিব বিচাৰে, যাতে তেওঁলোকে কাৰো ওচৰলৈ হাত আগবঢ়াব নালাগে। কিন্তু কংগ্ৰেছে বিচাৰে দেশৰ সম্পদ তেওঁলোকৰ ভোট বেংকলৈ যাওক।”