NORTHEAST NOW (Assamese)
Popular Stories

প্ৰধানমন্ত্ৰীয়ে দুই বন্ধুৰ হাতত দেশৰ সমগ্ৰ কৃষি ব্যৱসায় গতাই দিব বিচাৰিছে : ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 13, 2021 9:28 pm
index

শনিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুই বন্ধুৰ হাতত দেশৰ সমগ্ৰ কৃষি ব্যৱসায় গতাই দিবলৈ বিচৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

ৰাজস্থানৰ ৰাজগড়ত কৃষকসকলক উদ্দেশ্যি তেওঁ কয় যে দেশৰ ৪০ শতাংশ লোকে কৃষি ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে।

কৃষকৰ পৰা ক্ষুদ্ৰ আৰু মধ্যম বৰ্গীয় ব্যৱসায়ীসকল ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব বুলি দাবী কৰি ৰাহুল গান্ধীয়ে লগতে কয় যে ইয়াৰ ফলত দেশত ক্ষুধাৰ্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে নিৱনুৱা আৰু আত্মহত্যা আদিৰ দৰে ঘটনাবোৰো বৃদ্ধি পাব।

বিতৰ্কিত তিনি কৃষি আইন প্ৰণয়ন কৰাৰ মূল উদ্দেশ্যও দেশৰ সমগ্ৰ কৃষি খণ্ডৰ ব্যৱসায়ক প্ৰধানমন্ত্ৰীৰ দুই বন্ধুৰ হাতত গতাই দিয়াৰ বাবেই কৰা হৈছে বুলি দাবী কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

উল্লেখ্য যে আজি ৰাজস্থানৰ ৰাজগড়ত দুখন ট্ৰেক্টৰৰ ওপৰত সাজি লোৱা এক মঞ্চৰ পৰাই ৰাহুল গান্ধীয়ে কৃষকক সম্বোধি ভাষণ প্ৰদান কৰে।