NORTHEAST NOW (Assamese)
অসম

পৰ্যটকৰ বাবে মুকলি কৰা হ’ল পবিতৰা অভয়াৰণ্য

Posted by: এন ই নাও নিউজ October 7, 2018 10:36 pm
Pobitora Wildlife Sanctuary

আজিপ পৰা মৰিগাঁও জিলাত অৱস্থিত পবিতৰা অভয়াৰণ্যক পৰ্যটকৰ বাবে মুকলি কৰা হ’ল। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি পুৱা ৮ বজাত অভয়াৰণ্যখনক ২০১৮-১৯ বৰ্ষৰ বাবে পৰ্যটকৰ বাবে মুকলি কৰে। মন্ত্ৰী পীযূষ হাজৰিকায়ো উক্ত অনুষ্ঠানত উপস্থিত থাকে।

পবিতৰা অভয়াৰণ্যৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া অনুসৰি বতৰৰ ওপৰত নিৰ্ভৰ কৰি ২০১৯ চনৰ ৩০ এপ্ৰিল বা ১৫ মে’লৈকে অভয়াৰণ্যখন মুকলি থাকিব।

২০১৮-১৯ পৰ্যটন বৰ্ষত পৰ্যটকৰ সুবিধাৰ্থে অভয়াৰণ্যখনত ছাফাৰীৰ বাবে ২০ খন জীপ আৰু ১০ টা হাতীৰ ব্যৱস্থা কৰিছে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষই। ছাফাৰীৰ মাচুল হৈছে ৬ গৰাকী লোকৰ বাবে জীপত ১৩০০ টকা আৰু হাতীত ব্যক্তি প্ৰতি ৫০০ টকা।

উল্লেখযোগ্য যে বিগত পৰ্যটন বৰ্ষত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি পবিতৰা অভয়াৰণ্যই প্ৰায় ২৫,৮১৫ জন দেশী পৰ্যটক আৰু ৫৬১ জন বিদেশী পৰ্যটকৰ পৰা ৪৭,৪৫,২৫০ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।