NORTHEAST NOW (Assamese)

সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি ৰাম গগৈৰ স্মৃতি দিৱসত নগাঁৱৰ জামুগুৰিত কবিমেল

September 10, 2018 1:41 pm · এন ই নাও নিউজ
ৰাম গগৈৰ স্মৃতি দিৱসত নগাঁৱৰ জামুগুৰিত অনুষ্ঠিত কবিমেল। ফটো : নৰ্থইষ্ট নাও

সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি তথা পৃথিৱীৰ কবি ৰাম গগৈৰ স্মৃতি দিৱসটি দেওবাৰে সমগ্ৰ ৰাজ্যতে সদৌ অসম কবি সন্মিলনে পালন কৰি আহিছে। এই উদ্দেশ্যৰেই নগাঁও জিলা কবি সন্মিলন আৰু জামুগুৰি শাখা কবি সন্মিলনৰ উদ্যোগত জামুগুৰিৰ শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয়ত আয়োজন কৰা হয় ৰাম গগৈ স্মৃতি দিৱস আৰু কবিমেল।

জামুগুৰি শাখা কবি সন্মিলনৰ সভাপতি কৰবী লিগিৰা আৰু কাৰ্যকৰী সভাপতি অনিল চন্দ্ৰ নাথে ৰাম গগৈৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰাৰ অন্তত শিল্পী পেন্সনাৰ পৰাণ দাসৰ পৰিচালনাত, জগন্নাথ দাস আৰু বিষ্ণুপ্ৰিয়া দাসৰ সহযোগত গীতাঞ্জলি দাসৰ বৰগীতৰে আৰম্ভ  হয় মূল অনুষ্ঠান। নগাঁও জিলা কবি সন্মিলনৰ উপ সভাপতি দুৰ্গেশ্বৰ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সঞ্জীৱ সাগৰ চৌধুৰীয়ে। কবি কেশৱ বৰা আৰু দূৰ্গেশ্বৰ বৰকটকীৰ ৰাম গগৈ স্মৃতিচাৰণ বক্তব্যৰ অন্তত আৰম্ভ হয় কবিমেল।

নূপুৰ মোমাইদেউখ্যাত ত্ৰৈলোক্য মোহন ভট্টাচাৰ্য আৰু দিজেন্দ্ৰ মোহন হাজৰিকাই কবিতা পাঠৰে উদ্বোধন কৰা সভাখনত নগাঁও সদৰ কবি সন্মিলনৰ সভাপতি প্ৰদীপ কুমাৰ শইকীয়া, দীপ্তি বৰা, যমুনামুখ আঞ্চলিক কবি সন্মিলনৰ সভাপতি মিনতি দেৱী কাকতি, হাচিনা মমতাজ, ৰূপম নাথ, প্ৰাঞ্জল বৰদলৈ, মুনীন্দ্ৰ কুমাৰ নাথ, ৰাজু দত্ত, পাপুৰাজ যোগী, নৰেন্দ্ৰ নাথ হাজৰিকা, মায়ামণি দেৱী, বিনয় দাস, দীনবন্ধু দাস, ঋতুপৰ্ণ শৰ্মা, পূৰ্ণিমা দেৱী, মীনা দেৱী, গংগা ডেকা প্ৰমূখ্যে প্ৰায় দুকুৰি কবিয়ে।

শিল্পী গম্ভীৰ নাথে সুৰাৰোপ কৰা বিষ্ণুৰাভাৰ এটি গীত পৰিবেশন কৰাৰ লগতে শিশু কবি পূণ্যাহা পুনম চৌধুৰী আৰু প্ৰিয়ব্ৰত যোগীৰ আবৃতিয়েও মুগ্ধ কৰে সভাকক্ষ। বিশিষ্ট কবি তথা বাক্সাৰ তামুলপুৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা চন্দ্ৰ কুমাৰ বড়াই পৰ্যালোচকৰূপে থকা আৰু উৎপল বৰদলৈয়ে আঁত ধৰা কবিমেলৰ অন্তত জামুগুৰি শাখা কবি সন্মিলনৰ সম্পাদক নন্দেশ্বৰ নাথে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতেই কাব্যমন্ত্ৰৰে সামৰণি পৰা সভাখনিৰ সফল ৰূপায়নৰ বাবে জিলা সন্মিলনৰ সম্পাদক মদাৰজ্যোতিয়ে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।

Related News