NORTHEAST NOW (Assamese)

বিজেপিৰ শীৰ্ষ পদবীত বাংলাদেশী মুছলমান ! গ্ৰেপ্তাৰৰ পিছত হতবাক আৰক্ষীও

February 21, 2021 9:11 am · এন ই নাও নিউজ
Updated: February 21, 2021 10:18 am

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে যিটো সময়ত বিজেপিয়ে বাংলাদেশকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ পৰা বিদেশী আনি দেশৰ বহু ৰাজ্যত থাপিবলৈ ওলাইছে সেই সময়তে বিজেপিৰ শীৰ্ষ পদবীত এজন বাংলাদেশী লোকে কাৰ্যনিৰ্বাহ কৰি থকাৰ কথা পোহৰলৈ আহিছে।

এই জন বাংলাদেশী লোকে বিজেপিৰ সংখ্যালঘু কোষৰ সভাপতিৰ পদ অলংকৃত কৰি আহিছিল।

শেহতীয়াকৈ মুম্বাই আৰক্ষীয়ে বিজেপিৰ উত্তৰ মুম্বাই সংখ্যালঘু কোষৰ সভাপতি ৰুবেল শ্বেখক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহে বহু ভয়ংকৰ তথ্য।লোকজনৰ কেৰামতালি দেখি হতবাক হৈ পৰিছে খোদ আৰক্ষীও।

মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰা মতে ৰুবেল শ্বেখ নামৰ বিজেপি নেতা গৰাকী দৰাচলতে বাংলাদেশী লোকহে।

২০১১ চনত তেওঁ ভাৰতলৈ আহিছিল আৰু ভুৱা নথি-পত্ৰৰে তেওঁ নিজকে ভাৰতীয় বুলি পৰিচয় দিছিল।

মুম্বাই আৰক্ষীৰ জ্যেষ্ঠ পৰিদৰ্শক ভালেৰাও শেখৰে প্ৰকাশ কৰা মতে লোক জনৰ ঘৰ বাংলাদেশৰ জাছুৰ জিলাৰ  বাৱালিয়া গাঁওত বুলি নিশ্চিত কৰা হৈছে।

বিজেপি নেতা ৰুবেল শ্বেখে ভুৱা নথি-পত্ৰৰে আধাৰ কাৰ্ডৰ লগতে পান কাৰ্ডো প্ৰস্তুত কৰিছিল।

তেওঁ পশ্চিমবংগৰ নদীয়া জিলাৰ মালাপোটা গাঁও পঞ্চায়তৰ হংসখালি গাঁৱত ঘৰ থকা বুলি ভুৱা প্ৰমাণ পত্ৰ উলিয়াই লৈছিল।

বিজেপিৰ সংখ্যালঘু কোষৰ নেতা জনে নিজৰ নাগৰিকত্বৰ তথ্য লুকুৱাই কিদৰে ইমান দিনে ভাৰতত থাকিব পাৰিছে তাকে লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে।

বিজেপিয়ে ‘কা’ৰ অধীনত তেওঁকো নাগৰিকত্ব প্ৰদান কৰিলে নেকি বুলি বহুতে প্ৰশ্ন কৰিছে।

কংগ্ৰেছৰ নেতা শচীন চাৱন্তে ঘটনাটো সন্দৰ্ভত টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এইদৰে লিখিছে—‘এয়া বিজেপিৰ সংঘ জেহাদ নেকি?কিছিুমান বিজেপি নেতাই এতিয়া গোমাতাৰ চোৰাং সৰবৰাহ আৰু আইএছআইক তথ্য যোগানৰ কামত নিয়োজিত হোৱা দেখা গৈছে’।

বিজেপিয়ে ‘কা’ৰ অধীনত এনে বাংলাদেশীক নাগৰিকত্ব দিছে নেকি বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰশ্ন কৰে।

Related News