NORTHEAST NOW (Assamese)

কোভিডৰ আতংকৰ মাজতে শিৱসাগৰ আৰক্ষীৰ জালত পৰিল দুই ড্ৰাগছ সৰবৰাহকাৰী

May 23, 2021 6:21 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: May 23, 2021 6:25 pm

ৰাজ্যৰ কোভিড আতংকৰ মাজতে দেওবাৰে শিৱসাগৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক।

জিলাখনৰ গৌৰিসাগৰ আৰক্ষীৰ নিয়মীয়া তালাচীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আটক কৰে এই দুই ড্ৰাগছ সৰবৰাহকাৰীক।

শিৱসাগৰৰ আমোলাপট্টিৰ দুজন যুৱকে নগাঁৱৰ পৰা AS04S0359 নম্বৰৰ বাইকেৰে কঢ়িয়াই আনিছিল নিষিদ্ধ ঘোষিত দ্ৰৱ্যখিনি।

আৰক্ষীয়ে আটক কৰা যুৱক দুজন ৰূপম দে আৰু ৰুবুল খাউণ্ড বুলি জানিব পৰা গৈছে।

ধৃত দুই যুৱৰ পৰা গৌৰিসাগৰ আৰক্ষীয়ে মুঠ ১২.৬৬ গ্ৰাম ড্ৰাগছ আৰু নগদ ১৮,৮০০ টকা জব্দ কৰিছে।

আনহাতে আজি দীৰ্ঘ দিন ধৰি শিৱসাগৰত সক্ৰিয় হৈ আছে এক বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ।

আৰক্ষীৰ চকুত ধূলি দি শিৱসাগৰৰ অলিয়ে-গলিয়ে, গাৱে-ভূঞে বিক্ৰী কৰি আহিছে ড্ৰাগছ। এই চক্ৰটোৰ কবলত পৰি কমবয়সীয়া বহু যুৱক-যুৱতী ড্ৰাগছ আসক্ত হৈ পৰিছে।

উল্লেখ্য যে এই ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে শিৱসাগৰৰ নতুন আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

Related News