NORTHEAST NOW (Assamese)
Popular Stories

বিপদত ৰাইজৰ দল! ধন দাবী কৰাৰ অভিযোগত বহিস্কাৰ হ’ব নেকি আহ্বায়ক মনোজ গগৈ?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 12, 2020 8:16 pm

১১ অক্টোবৰ অৰ্থাৎ দেওবাৰে ট্ৰাকৰ পৰা ধন দাবী কৰাৰ অভিযোগত গৌৰীসাগৰ আৰক্ষীৰ জালত পৰিছিল ৰাইজৰ দলৰ আহ্বায়ক তথা অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ নেতা মনোজ গগৈ।

অৱশ্যে তেওঁ জামিন লাভ কৰিলে যদিও নতুনকৈ জন্ম লাভ কৰা ‘ৰাইজৰ দল’লৈ নামি আহিছে বিপদ। এই ঘটনাই ৰাইজৰ দলৰ নাক-কাণ কটা বুলিও একাশই মত পোষণ কৰে। ছ’চিয়েল মিডিয়াত ৰাইজৰ দল সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে।

সেয়েহে মনোজ গগৈৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পূৰ্ণ সম্ভাৱনা আছে ৰাইজৰ দলে।

এই সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰে হোৱা টেলিফোনিক বাৰ্তালাপত ৰাইজৰ দলৰ মুখ্য আহ্বায়ক তথা অসমীয়া যুৱ মঞ্চৰ প্ৰধান সচিব জিতুল ডেকাই কয়, ‘সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত কালিৰে পৰা প্ৰকাশিত বাতৰিৰ পাছতে আজি মনোজ গগৈক কৈফয়ৎ তলব কৰিছো। ঘটনাৰ সত্য-সত্যতা বিচাৰ কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছো।‘

’৪৮ ঘন্টাৰ ভিতৰত মনোজ গগৈক কিয় আহ্বায়ক পদৰ পৰা অপসাৰণ কৰা নহ’ব বা তেওঁৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ’ব তথা ঘটনাৰ সত্য-সত্যতা প্ৰমাণ কৰিবলৈ জাননী জাৰি কৰা হৈছে।‘ এইদৰে কয় জিতুল ডেকাই।

ইয়াৰ উপৰি, যদি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ সত্যতা প্ৰমাণ হ’লে বা মনোজ গগৈয়ে নিজকে নিৰ্দোষী প্ৰমাণ কৰিব নোৱাৰিলে তেওঁৰ বিৰুদ্ধে ৰাইজৰ দলে ব্যৱস্থা গ্ৰহণ কৰিব বা দায়িত্বৰ পৰা অপসাৰণ কৰাৰ সম্ভাৱনাৰ কথা তেওঁ উল্লেখ কৰে।