NORTHEAST NOW (Assamese)
Popular Stories

ৰাজস্থানলৈও পলাইছিল, সংসদত স্মোক বোম্ব বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰমাইণ্ড ললিত ঝাক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী December 15, 2023 9:41 am

সংসদৰ নিৰাপত্তা ভংগ গোচৰৰ মাষ্টাৰমাইণ্ড ললিত মোহন ঝাক বৃহস্পতিবাৰে সন্ধিয়া দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সূত্ৰ অনুসৰি তেওঁ নিজেই কৰ্তব্য পথ থানাত আত্মসমৰ্পণ কৰে। যোৱা বুধবাৰে সংসদ চৌহদত ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি ললিতে পলায়ন কৰিছিল।

ইয়াৰ পূৰ্বে আৰক্ষীয়ে এই গোচৰৰ সৈতে জড়িত সাগৰ শৰ্মা, মনোৰঞ্জন ডি, অমল সিন্ধে আৰু নীলম দেৱীক গ্ৰেপ্তাৰ কৰিছিল। সাগৰ আৰু মনোৰঞ্জনে সংসদত প্ৰৱেশ কৰি ধোঁৱা বোমা  (স্মোক বোম্ব) বিস্ফোৰণ কৰে। একে সময়তে বাকী দুজনে সংসদৰ বাহিৰত ধোঁৱা বোমা বিস্ফোৰণ কৰি শ্লোগান দি উত্তাল কৰি তোলে। এইবাৰ সংসদৰ নিৰাপত্তা ভংগৰ মূল অভিযুক্ত ললিত মোহন ঝাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কিন্তু, তেওঁক কেনেকৈ গ্ৰেপ্তাৰ কৰা হ’ল?

দিল্লী আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি বুধবাৰে সংঘটিত ঘটনাৰ পিছত ললিতে তাৰ পৰা এখন বাছত উঠি ৰাজস্থানৰ নাগৌৰ পায়হি। তাতে দুজন বন্ধুক লগ পাই হোটেল এখনত ৰাতিটো কটায়। অৱশ্যে ললিতে অতি সোনকালেই বুজি পায় যে পুলিচে তেওঁক যেনেতেনে ধৰিবলৈ বিচাৰিছে। গতিকে পলায়ন কৰি সাৰিব পৰা নাযাব। সেয়ে, বাছেৰে দিল্লীলৈ উভতি অহাৰ সিদ্ধান্ত লয়।

লগতে পঢ়কঃ সংসদৰ নিৰাপত্তা ভংগ: চাৰি অভিযুক্তক সাত দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

বৃহস্পতিবাৰে আৰক্ষীয়ে ললিতৰ সন্ধানত বিভিন্ন স্থানত ব্যাপক তালাচী চলায়। পিছত ললিত ঝাই নিজেই কৰ্তব্য পথ থানাত আত্মসমৰ্পণ কৰে। পিছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি জেৰা আৰম্ভ কৰে।

দিল্লী আৰক্ষীৰ বিশেষ শাখাই ললিতৰ সন্ধানত কলকাতাৰ এটা এন জি অ’ৰ প্ৰতিষ্ঠাপক নীলাক্ষ আইচৰ সৈতে যোগাযোগ কৰে। বুধবাৰৰ ঘটনাৰ পিছত ললিত ঝাই নীলম আৰু অমলৰ শ্লোগান দিয়া, হালধীয়া ধোঁৱা এৰা আৰু অৱশেষত গ্ৰেপ্তাৰ হোৱাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি নীলক্ষলৈ প্ৰেৰণ কৰিছিল। ললিতক গ্ৰেপ্তাৰ কৰিবলৈ দিল্লী আৰক্ষীৰ এটা দল কলকাতালৈও আহিছিল।

দিল্লী আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে আন চাৰিজনৰ সৈতে ললিত সংসদলৈ আহিছিল। কিন্তু, লোকসভাত প্ৰৱেশ কৰিবলৈ মাত্ৰ দুটা পাছ থকাৰ বাবে তিনিওজনে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিলে। তাৰ পাছত ললিতে সাগৰ, মনোৰঞ্জন, নীলম আৰু অমলৰ মোবাইল ফোনকেইটা ললিতা লৈ লৈছিল। চাৰিওজনৰ ফোন তেওঁৰ লগত আছিল।

লগতে পঢ়কঃ বয়স মাত্ৰ ৪৭ বছৰ! হঠাতে হৃদৰোগত আক্ৰান্ত অভিনেতা শ্ৰেয়াছ তালপাড়ে! এতিয়া কেনে আছে?

বৃহস্পতিবাৰে দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টে চাৰিওজনক ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে অৱশ্যে ১৫ দিনৰ বাবে তেওঁলোকৰ জিম্মা বিচাৰিছিল। ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ উপৰিও ইউএপিএৰ অধীনত সাগৰ, মনোৰঞ্জন, অমল আৰু নীলমৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। ইউ পি এৰ অধীনত অভিযোগ দাখিল হ’লে জামিন পোৱা নাযায়।