NORTHEAST NOW (Assamese)
অসম

ছয়মাইল উৰণ সেতুৰ তলত পুলিচৰ বক্সিং : নিলম্বিত দুই আৰক্ষী কনিষ্টবল

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 30, 2024 9:00 pm

কৰ্তব্যৰত অৱস্থাত ৰাজপথত মাৰপিটত লিপ্ত হৈ নিলম্বিত হ’ল অসম আৰক্ষীৰ দুই কনিষ্টবল। দেওবাৰে মহানগৰ আৰক্ষীয়ে এক যান-বাহন নিয়ন্ত্ৰণ শাখালৈ এক নিৰ্দেশ পত্ৰ প্ৰেৰণ কৰি দুগৰাকী কনিষ্টবলক নিলম্বন কৰিছে।

জানিব পৰা মতে, কাজিয়াত লিপ্ত হৈ নিলম্বিত হোৱা দুই আৰক্ষী কনিষ্টবল হৈছে মুকুল মৰাণ আৰু নবীন নাথ।

উল্লেখ্য যে যোবা ২৫ ছেপ্টেম্বৰত নিজৰ মাজতে প্ৰচণ্ড মাৰপিটত লিপ্ত হৈছিল এই দুই কনিষ্টবলে। ছয়মাইল উৰণ সেঁতুৰ তলত হোৱা দুই ট্ৰেফিক কনিষ্টবলৰ এই তয়াময়া ৰণৰ বাবে ভয়ংকৰ যান-জঁটৰ সৃষ্টি হয় অঞ্চলটোত।

দুই কনিষ্টবলৰ মাজত সংঘটিত হোৱা এই মাৰপিটৰ ঘটনাৰ ভিডিঅ’ পিছত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।

ইয়াব পিচতে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই দুয়োগৰাকী কনিষ্টবলকে ৰিজার্ভ ক্ল’জ কৰাৰ লগতে ঘটনাৰ তদন্তৰ নির্দেশ দিয়ে।

তদন্তৰ ভিত্তিত দেওবাৰে দুয়োগৰাকী কনিষ্টবলক চাকৰিৰ পৰা নিলম্বন কৰে মহানগৰ আৰক্ষীয়ে।