NORTHEAST NOW (Assamese)
অসম

ল’কডাউনত আৱদ্ধ জনসাধাৰণৰ মাজত কষ্ণাইৰ পাইকানত আৰক্ষীৰ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ 

Posted by: নীলমনি শৰ্মা Updated by: নীলমনি শৰ্মা April 9, 2020 7:10 am
Goalpara story

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পিছতে ল’কডাউনৰ সময়ত কষ্ট স্বীকাৰ কৰিবলগীয়া হোৱা দুখীয়া-দৰিদ্ৰক পৰিয়াল সকলক কিছুপৰিমাণে সহায় কৰাৰ বাবে ওলাই আহিল  চৰকাৰী কৰ্মচাৰী সকল।

বুধবাৰে কৃষ্ণাই আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক দিগন্ত বৰাৰ নেতৃত্বত  আৰক্ষী আৰু চিকিৎসকৰ দল এটাই  পাইকান অঞ্চলৰ প্ৰায় ৫০  টা পৰিয়ালক বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে কিছু অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা আগবঢ়াই দিয়ে৷

আৰক্ষী দলটোত আৰক্ষী জোৱান দিবাকৰ নাথ আৰু চিকিৎসক দীপন ৰাজকৈৰীয়ো   সাধ্যানুসাৰে আটাইকেইটা পৰিয়ালকে সহায় কৰে।

উল্লেখযোগ্য যে, দেশ জুৰি ল’কডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত দিন হাজিৰা কৰি খোৱা লোক সকলৰ এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা অৱস্থা হৈছে৷

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বিহুৰ সময়ত বিহুৰ খৰছেৰে ৰাজ্যৰ দুখীয়া পৰিয়াল সমূহক কিছু পৰিমাণে সহায় কৰিবলৈ আহ্বান জনোৱাৰ পাছতে ৰাজ্য জুৰি কৰ্মচাৰী সকলে সহায়ৰ বাবে আগবাঢ়ি অহা কাৰ্য্যত স্থানীয় লোকে সন্তোষ প্ৰকাশ কৰিছে৷

অসমত এই পৰ্যন্ত মুঠ ২৮ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।