NORTHEAST NOW (Assamese)
Popular Stories

জুৱাত অংশগ্ৰহণ কৰি গ্ৰেপ্তাৰ হ’ল এটা গাধ : FIRত নাম থকা গাধটোক মুকলি কৰি নিদিয়ে আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 9, 2020 9:11 pm
donkey-759

জুৱাত অংশগ্ৰহণ কৰাৰ অভিযোগত পাকিস্তানত এটা গাধক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ইতিমধ্যে আৰক্ষীয়ে গাধটোক গ্ৰেপ্তাৰ কৰি থানাত আৱদ্ধ কৰি ৰখাৰ ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

পূৱ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশস্থিত ৰহিম য়াৰ খান চহৰত এই কাণ্ড সংঘটিত হৈছে।

স্থানীয় আৰক্ষীয়ে জুৱাৰ দৌৰত অংশগ্ৰহণ কৰাৰ অভিযোগত আঠজন লোকৰ সৈতে উক্ত গাধটোক গ্ৰেপ্তাৰ কৰিছে।

সামৰা টিভি নিউজএ জনোৱা মতে আৰক্ষীয়ে অভিযুক্ত লোককেইজনৰ সৈতে জুৱাৰ দৌৰত অংশগ্ৰহণ কৰা গাধটোকো গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীয়ে অভিযুক্তসকলৰ পৰা ১ লাখ ২০ হাজাৰ পাকিস্তানী মুদ্ৰাও উদ্ধাৰ কৰিছে।

এই বৃহৎ পৰিমাণৰ ধনৰাশি গাধৰ দৌৰত বাজি লগাবলৈ ব্যৱহাৰ কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ‘জুৱা অধ্যাদেশ ৰোধ’ আইনৰ অধীনত গাধটোক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জনাইছে।

‘অন্যান্য অভিযুক্তসহ গাধটোৰ নামো এজাহাৰত উল্লেখ থকাৰ বাবেই গাধটোকো গ্ৰেপ্তাৰ কৰা হৈছে। গাধটো বৰ্তমান থানাৰ বাহিৰত বান্ধি থোৱা হৈছে।’ সংবাদ মাধ্যমক ৰহিম য়াৰ খান থানাৰ আৰক্ষী বিষয়াই এইদৰে কয়।

বিষয়াজনে আৰু কয় যে যিহেতু অভিযুক্তসকলৰ সৈতে গাধটোক ঘটনাস্থলীতে গ্ৰেপ্তাৰ কৰা হৈছে আৰু এজাহাৰটো নাম উল্লেখ সেয়ে গাধটোক মুকলি কৰি দিয়া নহয়।