NORTHEAST NOW (Assamese)
অসম

এছ বি আইৰ নকল ব্ৰাঞ্চ খুলি বহি আছিল, তিনিজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 11, 2020 7:02 pm
Police nab three for opening fake SBI branch in Cuddalore, Tamil Nadu

জাল নোট নহয়, এইবাৰ এছ বি আইৰে নকল শাখা খোলাৰ অভিযোগত তামিলনাডুৰ কুদ্দাল’ড় জিলাৰ পাণৰুটিত শুকুৰবাৰে গ্ৰেপ্তাৰ হৈছে তিনিজন লোক।

লোককেইজনে এছ বি আইৰ শাখাৰ সৈতে সাইলাখ এটা শাখা খুলি লৈছিল। নকল বেংকটো দেখিবলৈ, তাৰ অন্তঃসজ্জা সকলো এছ বি আই শাখাৰ সৈতে অবিকল।

তিনিমাহ পুৰণি এই “ব্ৰাঞ্চ”টোৰ বিষয়ে এছ বি আইৰ এজন গ্ৰাহকে অঞ্চলটোৰ এটা এছ বি আই শাখাৰ মেনেজাৰক সোধাত পোহৰলৈ আহে উৰহী গছৰ ওৰ।

বেংকটোৰ মেনেজাৰজনে এছ বি আইৰ জ’নেল অফিচত খবৰ কৰাত পোহৰলৈ আহে যে অঞ্চলটোত এছ বি আইৰ দুটাহে ব্ৰাঞ্চ আছে, তিনিটা নাই।

তেতিয়া এছ বি আইৰ বিষয়া নকল বেংকটোলৈ আহি দেখে সেইটো এছ বি আইৰ যিকোনো শাখাৰ সৈতে অবিকল।

পিছত আৰক্ষীয়ে নকল বেংকটো খোলা কমল বাবু নামৰ মূল অভিযুক্তজনৰ লগতে আৰু দুজনক গ্ৰেপ্তাৰ কৰে।

ধৃত কমল বাবুৰ মাক-দেউতাক দুয়ো প্ৰাক্তন বেংক কৰ্মচাৰী। বাকী দুজনৰ এজনৰ ৰাবাৰ ষ্টেম্পৰ দোকান আৰু এজনৰ প্ৰেছ আছে।

নকল বেংকটো চলাবলৈ সকলো ষ্টেম্প আৰু কাগজ-পত্ৰ বাকী দুজনে তৈয়াৰ কৰিছিল।

সৌভাগ্যক্ৰমে তিনিমাহ হোৱা নকল বেংকটোত বোলে এতিয়ালৈকে কোনো লোকে পইচা জমা কৰা নাছিল!