NORTHEAST NOW (Assamese)
অসম

তদন্ত কমিটিৰ প্ৰতিবেদন : আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ বুলেটপ্ৰুফ জেকেট আছিল নিম্নমানৰ

Posted by: এন ই নাও নিউজ August 11, 2018 1:09 pm
ভাস্কৰ কলিতা

বৰডুমচাত আলফা স্বাধীনৰ গুলীত প্ৰাণ হেৰুওৱা আৰক্ষী বিষয়া ভাস্কৰ কলিতাই পৰিধান কৰা বুলেটপ্ৰুফ জেকেটৰ অতি নিম্নমানৰ আছিল। সেয়েহে বুলেটপ্ৰুফ জেকেট পৰিধান কৰাৰ পিছতো আলফাৰ গুলীয়ে বুকু ভেদ কৰাৰ ফলত ভাস্কৰ কলিতা নিহত হ’বলগীয়া হ’ল।

সাহসী আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুৰ ঘটনাই ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। বিশেষকৈ আৰক্ষী বিষয়াজনে পৰিধান কৰা জেকেটৰ গুণগত মানক লৈ প্ৰশ্ন উত্থাপিত হৈছিল। ইয়াৰ পিছতে ঘটনাৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্যসচিব কুমাৰ সঞ্জয়কৃষ্ণক দায়িত্ব অৰ্পণ কৰিছিল।

দীৰ্ঘ বিৰতিৰ পাছত তদন্তকাৰী বিষয়া কুমাৰ সঞ্জয়কৃষ্ণই শুকুৰবাৰে ৰাজ্য চৰকাৰৰ মুখ্যসচিব টি ৱাই দাসৰ হাতত তদন্তৰ প্ৰতিবেদন দাখিল কৰে। চণ্ডীগড়ৰ পৰা ফৰেনছিকৰ প্ৰতিবেদন লাভ কৰার পিছতে তদন্তকাৰী বিষয়াই বুলেটপ্ৰুফ জেকেটৰ গুণগত মান সন্দৰ্ভত শুকুৰবাৰে প্ৰতিবেদন দাখিল কৰে।

তদন্তকাৰী বিষয়াজনে প্ৰতিবেদন দাখিল কৰে যদিও তদন্ত প্ৰতিবেদনত কি আছে, সেই বিষয়ে সংবাদ মাধ্যমৰ আগত সবিশেষ জনোৱাৰ পৰা বিৰত থাকে।

আনহাতে বিশেষ সূত্ৰে জানিব পৰা মতে, ভাস্কৰ কলিতাই পৰিধান কৰা বুলেটপ্ৰুফ জেকেটৰ গুণগত মান অতি নিম্নমানৰ আছিল বুলি তদন্তকাৰী বিষয়াজনে প্ৰতিবেদনত উল্লেখ কৰিছে।