NORTHEAST NOW (Assamese)
অসম

অভিজাত মানুহৰ অসংস্কৃত কাণ্ড! বনকৰা মহিলাৰ ওপৰত অকথ্য নিৰ্যাতন আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 27, 2023 5:08 pm

আকৌ পোহৰলৈ আহিছে অভিজাত তথা তথাকথিত শিক্ষিত ব্যক্তিৰ দ্বাৰা বনকৰা মহিলা নিৰ্যাতনৰ সন্মুখীন হোৱা খবৰ।

উজনি অসমৰ চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তই নিজৰ ঘৰত কাম কৰা অনিমা প্ৰজা নামৰ মহিলাগৰাকীক নিৰ্মমভাবে অত্যাচাৰৰ অভিযোগ উত্থাপন হৈছে। 

অসুস্থ অনিমা প্ৰজাক ইতিমধ্যে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণৰ যো–জা চলোৱা হৈছে।

এই ঘটনা পোহৰলৈ অহাৰ পিছতেই শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই নাজিৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইতিমধ্যে নাজিৰা থানাত ৩৬/২৩ নম্বৰ গোচৰ পঞ্জীয়ন হৈছে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে।

অনিমা প্ৰজাই অভিযোগ কৰা মতে, ২০১৯ চনৰে পৰাই বিভিন্ন শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল আৰক্ষী বিষয়া গৰাকীয়ে। শৰীৰত গৰম পানী ঢালি দিয়াৰ লগতে শৰীৰৰ বিভিন্ন অংশত জলকীয়া সানি অত্যাচাৰ চলাইছিল শুভলক্ষ্মীয়ে।

উল্লেখ্য যে, নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া হৈ থাকোঁতেই মহিলাগৰাকীক লখিমপুৰৰ পৰা ঘৰৰ বনকৰাৰ বাবে নাজিৰালৈ আনিছিল শুভলক্ষ্মী দত্তই।