NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিত আৰক্ষীৰ তালাচী অভিযানত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 25, 2020 12:55 pm
Arms-2-750x375

বিটিএডিৰ অন্তৰ্গত ওদালগুৰি জিলাত মঙলবাৰে কাহিলী পুৱাতে চলোৱা এক তালাচী অভিযানত আৰক্ষীয়ে বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে।

ওদালগুৰি জিলাৰ নালাপাৰা ৰাবাৰ বাগানৰ পৰা অস্ত্ৰখিনি উদ্ধাৰ কৰা হৈছে।

আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, অস্ত্ৰখিনি আৰক্ষীয়ে মাটিৰ তলত লুকাই থোৱা অৱস্থাত উদ্ধাৰ কৰে।

চোৰাংচোৱা সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে এক তালাচী অভিযান চলায় আৰু অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰে।

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, আৰক্ষীৰ দলটোৱে এটা এ কে ৰাইফল, চাৰিটা পিষ্টল, দুটা ৱাকি টকি ছেট আৰু এক বৃহৎ সংখ্যক গুলী-বাৰুদ উদ্ধাৰ কৰে।

বিগত কেইমাহত, বিশেষকৈ যোৱা ২৭জানুৱাৰিত এনডিএফবিৰ বিভাজিত গোটটোৱে বড়ো শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পাছত আৰক্ষীয়ে বিটিএডি জিলাৰ কোকৰাঝাৰ, চিৰাং,বাক্সা আৰু ওদালগুৰিৰ পৰা এক বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

এই সময়ছোৱাত অসম আৰক্ষীয়ে ৪২টা এ কে ৰাইফল, তিনিটা এইচ কে ৰাইফল, দুটা এছ এল আৰ, চাৰিটা আইএনএছএএছ ৰাইফল, দুটা এল এম জি/এম এম জি, ২৫টা পিষ্টল/ৰিভলভাৰ,৩,৫০৬ ৰাউণ্ড গুলী, ১০৮টা হেণ্ড গ্ৰেনেণ্ড, এটা ৰকেট লাঞ্চাৰ, ছয়টা মৰ্টাৰ ছেলছ, এটা ৱায়েৰলেছ ছেট,২০২টা ডিটেনেটৰ্ছ আৰু ২০কিলোগ্ৰাম বিস্ফোৰক উদ্ধাৰ কৰিছে।