NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ অভিযানত ডিব্ৰুগড়ত ২৯ টা গৰুসহ শক্তিশালী পাঁচজনীয়া গৰুচোৰৰ দল গ্ৰেপ্তাৰ

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী July 22, 2019 10:28 pm
cattle-smuggling

ডিব্ৰুগড় জিলাৰ বগীবিল অঞ্চলত সোমবাৰে আৰক্ষীয়ে পাঁচজন গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ২৯ টা গৰু উদ্ধাৰ কৰে।

পাঁচজনীয়া দলটোৱে গৰু সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ সময়তে অভিযানকাৰী ডিব্ৰুগড় আৰক্ষীৰ জালত পৰে।

গৰুবোৰ ধেমাজিৰ পৰা নগাঁৱলৈ লৈ গৈ থকাৰ সময়তে আৰক্ষীয়ে চোৰকেইজনক গ্ৰেপ্তাৰ কৰে বুলি বৰবৰুৱা আৰক্ষী থানাৰ এগৰাকী আৰক্ষীয়ে উল্লেখ কৰে।

গৰুৰ চোৰাং কাৰবাৰ চলাই থকা পাঁচজনীয়া দলটোক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে এ এছ ২৩ বি চি ৭২২৯ নম্বৰৰ এখন এখন ট্ৰাকো জব্দ কৰে।

চোৰ কেইজন নাৰায়ন লোহাৰ, ধনৰাজ লোহাৰ, মোহিবুৰ ৰহমান, জীহুৰ ৰহমান আৰু ইকৰুমল হুছেইন বুলি চিনাক্ত কৰা হয়।

‘আমি বিশেষ সূত্ৰৰ পৰা গৰু চোৰৰ দল এটাই গৰু ভৰ্তি ট্ৰাক এখনৰ সৈতে নগাঁৱ অভিমুখে গৈ আছিল বুলি খবৰ লাভ কৰিছিলো’-আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।

লগতে বিশেষ সূত্ৰৰ পম খেদি অভিযান চলাই আৰক্ষীয়ে গৰু চোৰৰ দলটোক বগীবিল অঞ্চলত আটক কৰিবলৈ সক্ষম হয় বুলিও আৰক্ষী সূত্ৰত প্ৰকাশ কৰা হয়।

গৰু সৰবৰাহ ৰাজ্যত এটা জলন্ত সমস্যা হিচাপে ক্ৰমান্বয়ে গড় লৈ উঠিছে।

নতুনকৈ মুকলি হোৱা ধেমাজি আৰু ডিব্ৰুগড় সংযোগী বগীবিল দলংখন গৰু সৰবৰাহৰ কৰিড’ৰ হিচাপে ব্যৱহাৰ হৈ আহিছে।

গৰু চোৰৰ চক্ৰই প্ৰতিদিনে গৰু সৰবৰাহৰ বাবে নতুন নতুন উপায় অৱলম্বন কৰি আহিছে।

বিগত সময়ছোৱাত কলগছত বান্ধি নদীৰ ঢৌত উটুৱাই দি ভাৰতৰ পৰা বাংলাদেশলৈ গৰু সৰবৰাহ কৰা চক্ৰান্ত বি এছ এফ বাহিনীয়ে ব্যৰ্থ কৰিছে।