NORTHEAST NOW (Assamese)
অসম

ৰাণীৰ অৰণ্যৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে অপহৃত কুশল কলিতা আৰু জয়ন্ত কছাৰীক, এজন অপহৰণকাৰী গুলীবিদ্ধ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 3, 2021 10:01 pm
Assam-Police-750x375

ৰাণীৰ অৰণ্যৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দুস্কৃতিকাৰীয়ে অপহৰণ কৰা কুশল কলিতা আৰু জয়ন্ত কছাৰী নামৰ লোক দুজনক।

অসম-মেঘালয় সীমান্তৰ ৰাণীৰ হাবিত শনিবাৰে আৰক্ষীয়ে অভিযান চলাই লোক দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

দুয়োগৰাকী ব্যক্তিকে ৩০ জুনৰ দিনা ৰাণীৰ গৰভাংগা সংৰক্ষিত বনাঞ্চলৰ পৰা দুস্কৃতিকাৰীয়ে অপহৰণ কৰিছিল।

অপহৃত জয়ন্ত কছাৰী বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ ভাতৃ। আৰক্ষীয়ে আজি অপহৃত লোক দুজনক উদ্ধাৰ কৰাৰ বাবে চলোৱা অভিযানৰ সময়তে এজন অপহৰণকাৰী আৰক্ষীৰ গুলীত আহত হয়।

লোকজনৰ ভৰিত গুলী লাগিছে।

অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আজি এই অভিযানৰ কথা তেওঁৰ টুইটাৰত প্ৰকাশ কৰিছে।

আৰক্ষীয়ে অভিযানকালতে ভদ্ৰেশ্বৰ তিমুং নামৰ এজন অপহৰণকাৰীক আটক কৰিবলৈ সক্ষম হয়।

অপহৰণকাৰীসকলে দুই অপহৃতৰ মুক্তিৰ বিনিময়ত মোটা অংকৰ মুক্তিপণ দাবী কৰিছিল। অপহৃতৰ পৰিয়ালে সেই মুক্তিপণৰ ধন দিবলৈ ৰাণীলৈ যোৱাৰ সময়তে পূৰ্ব পৰিকল্পনা অনুসৰি আৰক্ষীয়ে অপহৰণকাৰীৰ বিৰুদ্ধে অভিযান চলায় বুলি জানিব পৰা গৈছে।

বাকী অপহৰণকাৰীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু এই বিষয়ে সময়ত সকলো কথা জনোৱা হ’ব বুলি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই প্ৰকাশ কৰিছে।