NORTHEAST NOW (Assamese)
অসম

চামগুৰিত অবৈধভাৱে সৰবৰাহ কৰা গৰুভৰ্তি ট্ৰাক জব্দ

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা May 24, 2020 6:35 pm
Police seize truck illegally carrying cow, buffalo in Nagaon's Samaguri

আৰক্ষীয়ে শনিবাৰে নিশা নগাওঁ জিলাৰ চামগুৰিত অবৈধভাৱে সৰবৰাহ কৰা গৰুভৰ্তি এখন ট্ৰাক জব্দ কৰে।

চামগুৰি আৰক্ষী থানাৰ অধীনৰ শিৱস্থান আৰক্ষী চকীৰ তহলদাৰী দলে এক নং গৰুমৰা অঞ্চলত ৰাতি প্ৰায় ১২.৩০ বজাত ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়৷

শিৱস্থান আৰক্ষী চকীৰ বিষয়াই জানিবলৈ দিয়া মতে এএছ ০২ চি চি ৩২৪২ নম্বৰৰ ট্ৰাকখনত সোতৰটা গৰু আৰু এটা ম’হ আনি থকা হৈছিল।

গৰুখিনি শিৱসাগৰৰ পৰা চামগুৰিলৈ অনা হৈছিল বুলি জানিব পৰা গৈছে।

লকডাউন আৰু কাৰ্ফিউৰ মাজতে জন্তু কঢ়িওৱা কোনোধৰণৰ অনুজ্ঞাপত্ৰ নথকা উক্ত গাড়ীখন জব্দ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে৷

আনহাতে আৰক্ষীয়ে গাড়ীখন জব্দ কৰে যদিও গাড়ীখনৰ চালকসহ গৰু ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয় বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে৷