NORTHEAST NOW (Assamese)
অসম

পাতিলাদহাত হস্ত নিৰ্মিত বন্দুক সহ দুজন লোকক গ্ৰেপ্তাৰ

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী June 10, 2021 3:32 pm
pis

সমগ্ৰ ৰাজ্য জুৰি ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ হৈ থকা অৱস্থাত বঙাইগাঁৱত আন এক ঘটনা।
বঙাইগাঁও আৰক্ষীৰ বৃহৎ সফলতা।

মানিকপুৰৰ পাতিলাদহাত নিশা হস্ত নিৰ্মিত বন্দুক সহ দুজন লোকক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।

পাতিলাদহা – পানবাৰী গড়কাপ্তানি পথৰ পৰা লোক দুজনক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে।

লোক দুজন কলবাৰীৰ আবুল হুছেইন আৰু মিনাৰুল আলী বুলি জানিব পৰা গৈছে ।

ধৃত লোক দুজন মানিকপুৰ আৰক্ষীৰ জিম্মাত আছে।

ঘটনা সংক্ৰান্তত আৰক্ষীৰ তদন্ত অব্যাহত আছে।