NORTHEAST NOW (Assamese)
Popular Stories

লক্ষ্য ২০২১ : বিজেপিক ওফৰোৱাৰ লক্ষ্যৰে পুনৰ একত্ৰিত KMSS কে ধৰি ৭০ জাতীয় সংগঠন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 2, 2020 8:49 pm
031a4031-213c-422d-b7a0-664847985bbc

২০১৯ বৰ্ষত হোৱা ‘কা’ বিৰোধী আন্দোলনৰ পাছত পুনৰ একত্ৰিত হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, টাই আহোম যুৱ পৰিষদ, অসমীয়া যুৱ মঞ্চ, সদৌ কলিতা ছাত্ৰ সন্থা, সদৌ গৰীয়া যুৱ পৰিষদ, স্বৰাজ অসম, আদিবাসী ছাত্ৰ সন্থাকে ধৰি মুঠ ৭০ টাকৈ সংগঠন।

দেওবাৰে এই ‘কা’ বিৰোধী ৭০ টাকৈ জাতীয় সংগঠনৰ প্ৰতিনিধিৰ মাজত অনুষ্ঠিত হয় এখন জৰুৰী বৈঠকত।

উক্ত বৈঠকতে মূল বিষয় হিচাপে স্থান পাই ২১ত বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যে গঠন হ’বলগীয়া ৰাজনৈতিক দলৰ প্ৰসংগ। সভাত অনুষ্ঠিত থকা নেতাসকলৰ মাজৰে এক উচ্চস্তৰীয় সুত্ৰই আমাৰ সাংবাদিকক জনাইছে এই কথা।

সূত্ৰটোৱে জনোৱা অনুসৰি ‘অসমৰ ৰাইজে যদি বিচাৰে তেন্তে অচিৰেই ৰাজনৈতিক দল গঠন কৰা হ’ব। আমি ঐক্যবদ্ধ গণতান্ত্ৰিক সংগ্ৰামী সংসদীয় ৰাজনীতিৰ পোষকতা কৰিছো।‘

‘বিজেপি চৰকাৰৰ দীৰ্ঘদিনীয়া যি শোষণ নিষ্পেষণ, ভ্ৰষ্টাচাৰ উৎখাত কৰাৰ স্বাৰ্থত এটা প্ৰগতিশীল সংগ্ৰামী সংসদীয় ৰাজনীতিৰ পোষকতা কৰি ৰাইজৰ আহ্বানত গুৰুত্ব দিহে এই ৰাজনৈতিক দল গঠন কৰাৰ সিদ্ধান্ত লৈছো।‘ সুত্ৰটোৱে লগতে কয়।

ইপিনে, নতুনকৈ গঠন হ’বলগীয়া ৰাজনৈতিক দলটোৰ বেনাৰত প্ৰায় গোটেইকেইটা সমষ্টিতে প্ৰাৰ্থী থিয় কৰোৱাৰ সিদ্ধান্ত লৈছে ৭০ সংগঠনে।

অৱশ্যে, ৰাজ্যৰ কেবাখনো জিলালৈ গৈ এই প্ৰসংগত তেওঁলোকে আলোচনা কৰিব আৰু জ্যেষ্ঠ নাগৰিকৰ লগতে একাংশ বৰ্ষীয়ান ৰাজনৈতিক নেতাৰ সৈতেও আলোচনা কৰিব বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

আনহাতে, আজিৰ এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ EIA আইন, নতুন শিক্ষা নীতি, কা বিৰোধী আন্দোলনৰ ভৱিষ্যৎ পৰিকল্পনা, অখিল গগৈৰ মুক্তিৰ দাবী সম্পৰ্কেও আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে।

এইখিনিতে, আৰু এক প্ৰশ্নৰ সূচনা হৈছে যে কৃষক নেতা অখিল গগৈৰ অনুপস্থিতিত ৰাজনৈতিক দলৰ পোষকতা কৰা মূল কাণ্ডাৰীকেইগৰাকী কোন কোন?

এই সন্দৰ্ভত সূত্ৰটোৱে দাবী কৰা মতে অখিল গগৈৰ অনুপস্থিতিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈয্য কোঁৱৰ, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস, অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান জিতুল ডেকা, মদ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক প্ৰবীণ দাস, সদৌ অসম গৰীয়া পৰিষদৰ সভাপতি মিৰ্জা বৰা, সদৌ কলিতা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিপাংকৰ কলিতা, আহোম সেনাৰ মুখ্য সেনাধক্ষ্য অংকুৰণ ফুকন, ছাত্ৰ যুৱ সন্মিলনীৰ সভাপতি মাধূৰ্য্য বৰুৱা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক মুকুট ডেকা আৰু স্বৰাজ অসমৰ আহ্বায়ক ভৱেন সন্দিকৈ।

ইপিনে, কাইলৈৰে পৰা ৰাজ্যজুৰি ‘কা’ বিৰোধী প্ৰতিবাদ অনুষ্ঠিত কৰিব ৭০ টাকৈ জাতীয় সংগঠনে।

এটা কথা উল্লেখ কৰিব পাৰি যে, আছু আৰু ৩০ টাকৈ জাতীয় সংগঠনৰ নেতৃত্বতো এটা ৰাজনৈতিক দল গঠনৰ কুছকাৱাজ ইতিমধ্যে চলি আছে। গতিকে ৭০ টাকৈ জাতীয় সংগঠন আৰু ৩০ টাকৈ জাতীয় জনহগোষ্ঠীয় সংগঠন লগ হৈ বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত যুঁজ দিয়ে নে অকলশৰীয়াকৈ ২১ ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব সেয়া সময়ত লক্ষণীয় হ’ব।