NORTHEAST NOW (Assamese)
অসম

মূল্যবোধৰ ৰাজনীতি! ৰাইজৰ ওচৰত শপত নামা দাখিল ধৈৰ্য কোঁৱৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 29, 2021 5:17 pm

ৰাজ্যত কাইলৈ অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ পূৰ্বে থাওৰাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰে ৰাইজৰ ওচৰত দাখিল কৰিলে শপতনামা।

বহুকেইটা গুৰুত্বপূৰ্ণ কথাৰে প্ৰতিজ্ঞা কৰি ধৈৰ্য্য কোঁৱৰে দাখিল কৰে এই শপতনামা।

নিৰ্বাচনত বিজয়ী হলে ধৈৰ্য্য কোঁৱৰে কোনো কাৰণতে ৰাইজৰ দল ত্যাগ নকৰাৰ লগতে বৰ্তমানৰ যি বিধায়ক বেচা কিনাৰ অগণতান্ত্ৰিক পৰম্পৰা চলি আছে তেনে কাৰ্য নকৰে বুলি শপতনামাত উল্লেখ কৰিছে।

ইয়াৰোপৰি তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হলে কোনো দিনে প্ৰত্যক্ষ বা পৰোক্ষভাৱে দূৰ্নীতিক প্ৰশ্চয় নিদিয়াৰ লগতে সদায় দূৰ্নীতিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিম বুলি শপত নামাৰ জৰিয়তে প্ৰতিজ্ঞা কৰে।

বিধায়ক হিচাপে নিৰ্বাচিত হ’লে বিধায়ক উন্নয়ণ পুঁজিৰ প্ৰতিটো টকাৰ সৎ ব্যৱহাৰ কৰাৰ লগতে নিৰ্বাচনত জয়ী হলে তেওঁ প্ৰতি বছৰে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ সকলো সদস্যৰ নামত থকা সা সম্পতিৰ তথ্য দলৰ মজিয়াত দাখিল কৰিম বুলি এই শপতনামাত উল্লেখ কৰে।

যোৱা ২৮ অক্টোবৰ বৃহস্পতিবাৰে নটাৰী পাব্লিক শিৱসাগৰৰ সন্মুখত এই শপতনামত স্বাক্ষৰ কৰে ১০৭ নং থাওৰা বিধান সভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰে।