NORTHEAST NOW (Assamese)
অসম

জনমত সমীক্ষা: পুটিনৰ ওপৰত ৰাছিয়াৰ জনসাধাৰণৰ আস্থা ৮১.৫ শতাংশলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 18, 2022 9:59 am

Russian public’s confidence in Putin ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ওপৰত ৰাছিয়াৰ নাগৰিকৰ আস্থা বৃদ্ধি পাইছে। তেওঁৰ বাবে জনসমৰ্থন এসপ্তাহত ১.২ শতাংশ বৃদ্ধি হৈ এতিয়া ৮১.৫ শতাংশ পাইছে।

চলিত ৫ৰ পৰা ১১ ছেপ্টেম্বৰৰ ভিতৰত ৰাছিয়াৰ জনমত গৱেষণা কেন্দ্ৰই (অল-ৰাছিয়ান পাব্লিক অ’পিনিয়ন ৰিচাৰ্ছ চেন্টাৰ) কৰা এক সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে।

ৰাছিয়াৰ সংবাদ সংস্থা টাছৰ বাতৰি অনুসৰি সমীক্ষাটোত ১৮ বছৰতকৈ অধিক বয়সৰ মুঠ ১,৬০০ জন লোকে অংশগ্ৰহণ কৰিছিল। সমীক্ষাৰ ফলাফল শুকুৰবাৰে প্ৰকাশ কৰা হয়।

সমীক্ষাটোৰ প্ৰতিবেদনত কোৱা হৈছে, ‘’ভ্লাদিমিৰ পুটিনৰ ওপৰত তেওঁলোকৰ আস্থা আছে নেকি বুলি সোধা প্ৰশ্নত এই নাগৰিকসকলৰ ৮১.৫ শতাংশই ইতিবাচক সঁহাৰি জনাইছে। পূৰ্বৰ সমীক্ষাত ৭৮.৩ শতাংশ লোকে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ কামক সমৰ্থন কৰিছিল।এই সমীক্ষাটোৱে তেওঁৰ প্ৰতি জনসমৰ্থন ১.২ শতাংশ বৃদ্ধি হোৱা দেখুৱাইছে।‘’