NORTHEAST NOW (Assamese)

৫ সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ; মৰিয়নিত EVM বিকলৰ ঘটনা, ক’ত কিমান শতাংশ হ’ল ভোটদান?

October 30, 2021 10:58 am · এন ই নাও নিউজ, গুৱাহাটী
তামুলপুৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ভোটদান (বাওফালে) আৰু গোসাইগাওঁত বিপিএফৰ ধ্ৰুৱ ব্ৰহ্ম নাৰ্জাৰীয়ে ভোটদান কৰি ওলাই অহা দৃশ্য। ফটো: নৰ্থইষ্ট নাও।

Polling for By-Election in progress আজি ৰাজ্যখনৰ পাঁচটা বিধানসভা সমষ্টিত উপ নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে। বিয়লি ৫বজালৈকে চলিব ভোটগ্ৰহণ।

তামুলপুৰ বিধান সভা সমষ্টিৰ ৩২২টা ভোট গ্ৰহণ কেন্দ্ৰত আজি নিৰ্ধাৰিত সময়ৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া।

ইতিমধ্যে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৫ নং সুৱাগপুৰ প্ৰাথমিক বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

ভোটাধিকাৰ সাব্যস্ত কৰি তামুলপুৰ বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰে। তেওঁ ৰাইজক শান্তিপূৰ্ণভাবে ভোট দিবলৈ আহ্বান জনায়।

Also Read: By-Election-2021 অসমৰ পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ আৰম্ভ

ইপিনে মৰিয়নী সমষ্টিত EVM বিকল হোৱাৰ ঘটনা ঘটিছে ৷ ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে ভোটদান কৰা ভোটগ্ৰহণ কেন্দ্ৰটোতে বিকল হয় EVM। ১২৮ নং মৰিয়নীৰ চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত সংঘটিত হৈছে এই EVM বিকলৰ ঘটনা।

আনহাতে, ১০০ নং নাগিনীজান বাগান প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰতো ই ভি এম বিকলৰ ঘটনা ঘটিছে। এই ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে।

Also Read: Supreme Court on banned firecrackers কঠোৰ উচ্চতম ন্যায়ালয়; নিষিদ্ধ আতচবাজী ফুটিলে দায়বদ্ধ হ’ব আৰক্ষী, প্ৰশাসন

ভৱানীপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰে নিজৰ জয় নিশ্চিত বুলি সদৰী কৰি জ্যেতিষীৰ কথা মতেই পুৱা ৮-৯বজাৰ ভিতৰত ভোটদান কৰে।

শেহতীয়া খৱৰ অনুসৰি, তামুলপুৰত ১২ শতাংশ, মৰিয়নিত ১৫ শতাংশ, থাওৰাত ১৫ শতাংশ, ভৱানীপুৰত ১৪শতাংশ আৰু গোসাইগাঁৱত ১৪শতাংশ ভোটদান হৈছে। 

Related News