NORTHEAST NOW (Assamese)
অসম

অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকসকলৰ বাবে কাইলৈৰ পৰা পোষ্টেল বেলটযোগে ভোটগ্ৰহণ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন March 17, 2021 7:32 pm
16x9_M-750x375

গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫নং গোলাঘাট আৰু ৯৬নং খুমটাই বিধানসভা সমষ্টিৰ অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ভোটদাতাসকলে কাইলৈৰে পৰা পোষ্টেল বেলটযোগে ভোট দিব পাৰিব।

নিৰ্বাচন আয়োগে ইতিমধ্যে ১১টা সেৱাক অত্যাৱশ্যকীয় সেৱা হিচাপে নিৰ্ধাৰণ কৰিছে।

গোলাঘাট নিৰ্বাচন জিলাৰ পোষ্টেল বেলটযোগে ভোটদানৰ বাবে আবেদন কৰা ভোটদাতাসকলে কাইলৈৰ পৰা ২০ মাৰ্চলৈ পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত স্থাপন কৰা পোষ্টেল বেলট কেন্দ্ৰত আহি ভোট দিব পাৰিব বুলি অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈয়ে জানিবলৈ দিছে।

আনহাতে, গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত গোলাঘাট আৰু খুমটাই সমষ্টিত পোষ্টেল বেলটযোগে ১,৪৬৫ গৰাকী বিশেষভাৱে সক্ষম আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটদাতাই ভোট দিব পাৰিব।

এই ভোটদাতাসকলৰ বাবে অহা ১৮ আৰু ১৯ মাৰ্চত ভোটগ্ৰহণ কৰা হ’ব । ১৮ মাৰ্চত খুমটাই সমষ্টিৰ বাবে আৰু ১৯ মাৰ্চত গোলাঘাট সমষ্টিৰ বাবে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ পোষ্টেল বেলটসমূহ সংগ্ৰহ কৰা হ’ব।

প্ৰতিটো ভোটগ্ৰহণকাৰী দলত এজন চুপাৰভাইজাৰ, এজন চেক্টৰ বিষয়া, এজন মাইক্ৰ’ অৱজাৰ্ভাৰ, ভিডিঅ’গ্ৰাফাৰ আৰু আৰক্ষীৰ লোক থাকিব ।

১৮ আৰু ১৯ মাৰ্চত ভোটগ্ৰহণ সম্পূৰ্ণ নহ’লে ২০ মাৰ্চতো পো’ষ্টেল বেলট সংগ্ৰহ কৰা হ’ব ।

উল্লেখযোগ্য যে দুয়োটা সমষ্টিত ৮০ বছৰ বয়সৰ উৰ্ধৰ ১,১৩৯ গৰাকী আৰু বিশেষভাৱে সক্ষম ৩২৬ গৰাকী ভোটদাতাৰ নাম পোষ্টেল বেলটযোগে ভোটদানৰ বাবে বৈধ পোৱা গৈছে।