NORTHEAST NOW (Assamese)
অসম

পলিউশ্যন টেষ্টিং চেন্টাৰত ব্যাপক দুৰ্নীতি; ৮৫ টকা মাচুলৰ সলনি গ্ৰাহকৰ পৰা লৈছে ৫০০ টকা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 10, 2019 9:19 pm
3ee9d288-d2bb-401e-bf12-f447df52eb4f

মহানগৰীত প্ৰদূষণ প্ৰমাণপত্ৰ প্ৰদানৰ নামত একাংশ প্ৰদূষণ প্ৰমাণপত্ৰ দিয়া কেন্দ্ৰত চলিছে চৰম অনীতি। অভিযোগ অনুসৰি কিছুমান কেন্দ্ৰৰ পৰিচালকসকলে এই কেন্দ্ৰসমূহত ম্যাদ উকলা বুলি একাংশ গ্ৰাহকক জৰিমনা হিচাপে অতিৰিক্তভাৱে ধন আদায় লৈছে।

গুৱাহাটী মহানগৰীৰ বামুণীমৈদামত থকা পলিউশ্যন টেষ্টিং চেন্টাৰত বুধবাৰে সংঘটিত হ’ল এনে এক ঘটনা।

কেন্দ্ৰটোৰ পৰিচালকে পলিউশ্যন চাৰ্টিফিকেট দিয়াৰ নামত ম্যাদ ওকলা বুলি কোনোধৰণৰ ৰচিদ নিদিয়াকৈ গ্ৰাহকসকলৰ পৰা ধন লৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰটোলৈ যোৱা কেইজনমান গ্ৰাহকে।

তদুপৰি, এজন স্কুটী গ্ৰাহকৰ পৰা পলিউশ্যন চাৰ্টিফিকেট দিয়াৰ নামত ম্যাদ উকলা বুলি চেন্টাৰটোৰ পৰিচালকজনে অতিৰিক্ত ধন লৈ থকা দেখা পায় এগৰাকী সাংবাদিকে।

সেই সময়তে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সাংবাদিক মৃদুল কুমাৰ সন্দিকৈয়ে এই সন্দৰ্ভত বিৰোধিতা কৰাত কেন্দ্ৰটোৰ কৰ্মচাৰীয়ে তেওঁকেই আক্ৰমণ কৰিবলৈ চেষ্টা কৰে বুলি অভিযোগ উত্থাপন কৰে।

ইপিনে, আন কেইজনমান গ্ৰাহকে এই কেন্দ্ৰটোত প্ৰদূষণৰ প্ৰমাণপত্ৰ দিয়াৰ নামত কোনো পৰীক্ষাই সম্পন্ন কৰা নহয় বুলি অভিযোগ উত্থাপন কৰিছে। এই অভিযোগৰ পাছতে সাংবাদিকজনে  কেন্দ্ৰটোৰ স্বত্তাধিকাৰগৰাকীক সোধাত তেওঁ দাম্ভিকতাৰে ‘হৰ্ডিং মাৰি দিয়ক ইয়াত জৰিমনা লোৱা হয়’ বুলি কোৱা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈছে।

আনহাতে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত সাংবাদিকগৰাকীয়ে পৰিবহন বিভাগৰ আয়ুক্তক অৱগত কৰিছে।

উল্লেখযোগ্য যে, ম্যাদ উকলা প্ৰদূষণ প্ৰমাণপত্ৰৰ বাবদ ন্যূনতম জৰিমনা পৰিবহন বিভাগৰ কাৰ্যালয়েহে ল’ব পাৰে। এই কথা নৰ্থ ইষ্ট নাওৰ আগত স্বয়ং জিলা পৰিবহন বিষয়াই জানিবলৈ দিয়ে।

‘’পলিউশ্যন টেষ্টিং চেন্টাৰত ম্যাদ ওকলা প্ৰমাণ পত্ৰৰ বাবদ পইচা ল’ব নোৱাৰে, জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ত জমা দিব লাগে। কিয়নো তেওঁলোকৰ হাতত তেনে কোনো ৰচিদ দিব পৰা ক্ষমতা নাই। নতুন প্ৰমাণ পত্ৰৰ বাবদ বাইকৰ পৰা ৮৫ টকা আৰু চাৰিচকীয়া বাহনৰ পৰা ১১০ টকা ল’ব পাৰে,’’- নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত পৰিবহন বিষয়াগৰাকীয়ে এইদৰে কয়।

তেওঁ লগতে কয়, ‘’আমি ইতিমধ্যে পৰিদৰ্শন কৰি আছো। যদি তেনেদৰে ধন সংগ্ৰহ কৰা বুলি অভিযোগ পাওঁ, তেন্তে পলিউশ্যন চেন্টাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিম।‘’

উল্লেখ কৰিব পাৰি যে, প্ৰদূষণ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ নামত এচাম প্ৰমাণপত্ৰ প্ৰদানকাৰী কেন্দ্ৰই দাম্ভিকতাৰে এনেদৰে গ্ৰাহকক লুটি অহা বুলি গুৰুতৰ অভিযোগ উঠি আহিছে যদিও বৰ্তমানলৈকে পৰিবহন বিভাগ আৰু কামৰূপ জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।