NORTHEAST NOW (Assamese)
Popular Stories

খেলো ইণ্ডিয়া য়ুথ গেইমছত ৰাজ্যলৈ প্ৰথমটো স্বৰ্ণ পদক আনিলে পূজা বসুমতাৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 12, 2020 5:35 pm
Puja Basumatari

গুৱাহাটীত চলি থকা তৃতীয় সংখ্যক খেলো ইণ্ডিয়া য়ুথ গেইমছত অসমে প্ৰথমটো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

আজি প্ৰতিযোগিতাখনৰ জুডো ইভেণ্টত পূজা বসুমতাৰীয়ে স্বৰ্ণ পদক অৰ্জন কৰে।

তেওঁ ১৭ অনূৰ্ধ্বৰ ৫৭ কেজি শাখাত অংশ লৈ এই কৃতিত্ব লাভ কৰে। পল্টন বজাৰৰ ছাই ফিল্ডত অনুষ্ঠিত ফাইনেলত পূজাই উত্তৰাখণ্ডৰ খেলুৱৈক পৰাস্ত কৰে।

উল্লেখ্য যে গোৱালিয়ৰত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰতিভাৱান পূজাই যোৱা বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ শেষৰফালে লণ্ডনত অনুষ্ঠিত কমনৱেলথ জুডো চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

পূজা বসুমতাৰীৰ জৰিয়তে আয়োজক অসমে লাভ কৰা এই সাফল্যত উৎফুল্লিত হৈ পৰিছে গৃহ জিলা কাৰ্বি আংলঙৰ বাসিন্দা।

পূজাৰ উপৰি জিমনাষ্টিকছত অসমৰ উপাশা তালুকদাৰে এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে।

গুৱাহাটীত চলি থকা তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেইমছত ৯টা সোণ, ৮টা ৰূপ আৰু ১২টা ব্ৰঞ্জ পদকেৰে পদক তালিকাৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ। আনহাতে অসমে পদক তালিকাৰ ১৫ নম্বৰ স্থানত আছে।