NORTHEAST NOW (Assamese)
অসম

মাতৃ তোমাক প্ৰনাম! ছাগলী বিক্ৰী কৰি পুতেকক বনালে ন্যায়াধীশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 24, 2019 2:59 pm
Capture

কষ্টৰ অসাধ্য একো নাই। পুনৰ এবাৰ এইষাৰি বাক্যক সত্য প্ৰমাণিত কৰিলে উত্তৰ প্ৰদেশৰ লখিমপুৰ নামৰ ঠাইৰ এগৰাকী মাতৃ-পুত্ৰই। মাতৃগৰাকীয়ে ছাগলী বেছি কৰা উপাৰ্জনেৰে নিজ পুত্ৰক বনালে ন্যায়াধীশ। পুত্ৰৰ এই সাফল্যত এতিয়া দেশৰ চৌদিশৰ পৰা মাতৃ-পুত্ৰলৈ আহিছে শুভেচ্ছাৰ বন্যা।

অশেষ কষ্টৰ মাজেৰে সফলতা আহৰণ কৰা এই পৰিয়ালটোক শুভেচ্ছা জনাবলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোক তথা শুভাকাংশী সকলে ভিৰ কৰিছেহি তেওঁলোকৰ ঘৰ।

আচলতে, লখিমপুৰ খেৰি জিলাৰ মুছেপুৰ গাঁৱৰ এটা অতি দৰিদ্ৰ পৰিয়ালৰ বাসিন্দা আছগৰ আলী। দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোৰ পুত্ৰ আছগৰ আলীক কিবা এটা বনোৱা তথা সমাজৰ এগৰাকী সু নাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰোৱাৰ সপোন দেখিছিল মাতৃয়ে।

মাতৃৰ সপোন আছিল যে পুত্ৰই এনেকুৱা এটা কৰি দেখুৱাব য’ত সমাজে তেওঁক বাহ বাহ দিব। মাতৃৰ এই সপোন পূৰণৰ বাবে পুত্ৰ আছগৰেও দিন-ৰাতি কৰিছিল একাকাৰ। আৰু অৱশেষত পুত্ৰৰ জৰিয়তে পূৰ্ণ হ’ল মাতৃৰ সপোন।

শেহতীয়াকৈ উত্তৰ প্ৰদেশ লোকসেৱা আয়োগে ঘোষণা কৰা ন্যায়াধীশৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে আছগৰ আলী। বৰ্তমান আছগৰে বেনাৰছত পি এইচ ডি কৰি আছে।

আছগৰে জনোৱা অনুসৰি তেওঁৰ মাতৃয়ে ঘৰত পোহা ছাগলী বিক্ৰী কৰি তেওঁৰ মাচুল প্ৰদান কৰে। ইফালে পুত্ৰৰ এই সাফল্যত মাতৃৰ লগতে পৰিয়ালৰ আন আন সদস্যৰ মাজত আনন্দৰ লহৰ উঠিছে।

ইফালে আজগৰৰ ভাতৃয়ে কয় যে আমাৰ বংশত ন্যায়াধীশ হোৱাটো দূৰৰ কথা আজিলৈ কোনেও সাধাৰণ চৰকাৰী চাকৰি এটাও পোৱা নাছিল। আমাৰ বংশত কোনেও কৰিব নোৱাৰা এটা কাম মোৰ ভাতৃয়ে কৰি দেখুৱালে।