NORTHEAST NOW (Assamese)
Popular Stories

‘কেব’ৰ বিৰোধিতাৰে বিজেপিৰ পৰা পদত্যাগ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 9, 2019 2:42 pm

অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই আজি বিজেপিৰ পৰা পদত্যাগ কৰে। সমগ্ৰ ৰাজ্যতে চলি থকা নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰ প্ৰতি সমৰ্থন জনাইয়ে অভিনেতা গৰাকীয়ে আজি গেৰুৱা দলটোৰ প্ৰাথমিক সদস্য পদৰ পদত্যাগ কৰে।

জনপ্ৰিয় অভিনেতা গৰাকীয়ে জাতিৰ বিপদৰ সময়ত তথা সংকটৰ সময়ত ৰাইজৰ কাষত থিয় দিয়াৰ উদ্দেশ্যৰে গেৰুৱা দলটোৰ পৰা পদত্যাগ কৰে। পদত্যাগৰ পিছতে অভিনেতা গৰাকীয়ে আছুৰ কাৰ্য্যালয় শ্বহীদ ভৱনত এখন সংবাদমেলৰো আয়োজন কৰে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জুয়ে দহিছে সমগ্ৰ ৰাজ্য। বিভিন্ন দল-সংগঠন, ছাত্ৰ সমাজৰ লগতে সাংস্কৃতিক ক্ষেত্ৰৰ বিভিন্ন জনেও ‘কেব’ৰ তীব্ৰ বিৰোধিতা কৰিছে।

কিন্তু ইমানৰ পিছতো জনসাধাৰণ, দল–সংগঠন, ছাত্ৰ সমাজৰ প্ৰতিবাদ তথা আন্দোলনক নেওচি নাগৰিকত্ব বিধেয়ক গৃহীত কৰি হিন্দু বাংলাদেশীক ৰঙা দলিচা পাৰি দিয়াত উঠি পৰি লাগিছে বিজেপি চৰকাৰে।