NORTHEAST NOW (Assamese)
দেশ

ক’ৰণাত আক্ৰান্ত সপত্নীক বলিউদৰ জনপ্ৰিয় গায়ক অৰিজিৎ সিং

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 8, 2022 8:06 pm
Arijit Singh

দেশত ক’ৰণাৰ দৈনিক সংক্ৰমণ অস্বাভাৱিক ভাৱে বৃদ্ধি পাইছে। ক’ৰণাত আক্ৰান্ত হৈছে বলিউদৰ কেইবাগৰাকী কলা-কুশলী।

এইবাৰ ক’ৰণাত আক্ৰান্ত হৈছে বলিউদৰ চুপাৰষ্টাৰ গায়ক অৰিজিৎ সিং। গায়কজনৰ লগতে ক’ৰণা সংক্ৰমিত হৈছে তেওঁৰ পত্নীও।

এটা ফেচবুক পোষ্ট যোগে অৰিজিৎ সিঙে ক’ৰণা সংক্ৰমিত হোৱা বুলি অনুৰাগী সকলক জানিবলৈ দিয়ে। পোষ্টটোৰ জৰিয়তে তেওঁ পত্নীসহ বৰ্তমান আইচ’লেশ্যনত আছে বুলি জানিবলৈ দিয়ে।

অৰিজিতে জানিবলৈ দিয়া অনুসৰি তেওঁলোকৰ কোনো লক্ষণ নাই। শাৰীৰিক অৱস্থাও স্থিৰ। গতিকে দুয়োজন বৰ্তমান হোম কোৱাৰাণ্টাইনত আছে।

ফেচবুকত অৰিজিৎ সিঙে এই খবৰ প্ৰকাশ কৰাৰ পিছতে তেওঁলোকৰ দ্ৰুত আৰোগ্য কামনা কৰিছে অনুৰাগীসকলে।

উল্লেখ্য যে যোৱা বৰ্ষত ক’ৰণাত আক্ৰান্ত হোৱাৰ পিছত গায়কজনৰ মাতৃৰ মৃত্যু হৈছিল।