NORTHEAST NOW (Assamese)
অসম

‘১৯ৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা ‘দ্যা ইক’নমিক টাইমছ’ৰ শান্তনু নন্দন শৰ্মালৈ

Posted by: এন ই নাও নিউজ February 16, 2019 11:33 am

পৰাগ কুমাৰ দাস স্মৃতিৰক্ষা সমিতিয়ে ২০১৯ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটাৰ বাবে ‘দ্যা ইক’নমিক টাইমছ’ৰ জ্যেষ্ঠ সাংবাদিক শান্তনু নন্দন শৰ্মাক নিৰ্বাচিত কৰিছে। অহা ২৪ ফেব্ৰুৱাৰিত প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ ওপজা দিনৰ লগত সংগতি ৰাখি গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক শান্তনু নন্দক শৰ্মাক এই বঁটা প্ৰদান কৰা হ’ব।

শুকুৰবাৰে অৰ্থাৎ ১৫ ফেব্ৰুৱাৰিত গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেলৰ জৰিয়তে সমিতিৰ বিষয়ববীয়া মনোজ কুমাৰ নাথে এই কথা উল্লেখ কৰে। বঁটা হিচাপে সাংবাদিক শৰ্মালৈ এটা স্মাৰক, মানপত্ৰ আৰু ২৫ হাজাৰ টকাৰ চেক আগবঢ়োৱা হ’ব।

সংবাদমেলত সমিতিৰ বিষয়ববীয়া মনোৰম গগৈয়ে কয় যে অসমীয়া সাংবাদিকতাত এক নতুন ধাৰা সৃষ্টি কৰা পৰাগ কুমাৰ দাসৰ আদৰ্শ সজীৱ কৰি ৰখাৰ উদ্দেশ্যে ২০১০ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে।

সংবাদ মেলত সমিতিৰ বিষয়ববীয়া কিশোৰ ভট্টাচাৰ্যই কয় যে বঁটাপ্ৰাপক অসম সন্তান শান্তনু নন্দন শৰ্মাই যোৱা দুটা দশক ধৰি ৰাজধানী দিল্লীত সাংবাদিকতা কৰি আহিছে।

লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ১৯৭২ চনত জন্মগ্ৰহণ কৰা শান্তনু নন্দন শৰ্মাই লণ্ডনত ৰয়টাৰৰ মুখ্য কাৰ্যালয়ত ২০০৫ চনত বাণিজ্য সাংবাদিকতাৰ পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত হৈছিল। বৰ্তমান শৰ্মাই ‘দ্যা ইক’নমিক টাইমছ’ত জ্যেষ্ঠ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।