NORTHEAST NOW (Assamese)
অসম

জাগীৰোডৰ গোভাত কৃষকৰ মাজত কুকুৰাৰ পোৱালি বিতৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 6, 2020 2:06 pm
a poultry

মৰিগাঁও জিলাৰ জাগীৰোডৰ গোভাত  পশুপালন ও পশু চিকিৎসা বিষয়া মৰিগাঁৱৰ সৌজন্যত আৰু জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত কুকুৰাৰ পোৱালি বিতৰণ কৰা হয়।

উল্লেখ্য যে অসম চৰকাৰৰ উদ্ভাৱনী কুকুৰা উৎপাদন আঁচনি, ৰাষ্ট্ৰীয় পশুধন অভিযান (এন এল এম) অসমৰ অধীনত গোভাৰ পুৰণি গাঁৱলীয়া গাঁও ৰঙ্গমঞ্চত অঞ্চলটোৰ ৪৪ গৰাকী কৃষকৰ মাজত প্ৰযুক্তিগত ভাৱে কম ব্যয়ৰ কুকুৰাৰ ৪০ টাকৈ পোৱালি বিতৰণ কৰে।

কৃষক সকলৰ উপাৰ্জন দুগুণ বৃদ্ধি কৰাৰ লক্ষ্যৰে কুকুৰাৰ পোৱালি বিতৰণ কৰা কাৰ্যসূচীত মুখ্য অতিথিৰূপে সহকাৰী আয়ুক্ত মৈত্ৰী মৰাণ,মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° ৰিজুস্মিতা শৰ্মা ডেকা, জিলা পশুপালন ও পশুচিকিৎসা বিভাগৰ বিষয়া ডা: অনিল কুমাৰ ডেকা, ডা: সুভাষ কলিতা আৰু পৰাগ মণি ডেকা উপস্থিত থাকে।