NORTHEAST NOW (Assamese)

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সুৰক্ষাৰ দিশ পৰ্যালোচনা শক্তি মন্ত্ৰী আৰ কে সিঙৰ

May 31, 2023 9:17 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 31, 2023 7:53 pm

কেন্দ্ৰীয় শক্তি আৰু নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰী শ্ৰী আৰ কে সিঙে নতুন দিল্লীত এনএইচপিচি লিমিটেডৰ দ্বাৰা কাৰ্যকৰী কৰা অৰুণাচল প্ৰদেশ আৰু অসমত অৱস্থিত ২০০০ মেগাৱাট নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰে।

শক্তি মন্ত্ৰীগৰাকীয়ে আগন্তুক বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণৰ প্ৰগতি, প্ৰকল্পটোৰ সৈতে সম্পৰ্কিত সুৰক্ষাৰ দিশ আৰু প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। প্ৰকল্পটোৰ মুৰব্বীয়ে বিভিন্ন কামৰ অগ্ৰগতিৰ সাম্প্ৰতিক স্থিতিৰ লগতে সুৰক্ষাৰ বাবে লোৱা ব্যৱস্থা সমূহ, পৰৱৰ্তী বাৰিষা মাহবোৰৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰিত কাৰিকৰী মান অনুসৰি ইয়াৰ প্ৰস্তুতি সমূহ  উপস্থাপন কৰে। 

প্ৰকল্পটোৱে বান্ধৰ কংক্ৰিটৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে । মুঠ ১৬ টা খণ্ডৰ ১৪ টা খণ্ডই ২১০ মিটাৰলৈ সম্পূৰ্ণ হৈছে আৰু ২০২৩ চনৰ জুনৰ ভিতৰত বাকী দুটা খণ্ড সম্পূৰ্ণ হ’ব । যোৱা ৬ মাহত ২.৫ লাখ কিউবিক মিটাৰতকৈ অধিক কংক্ৰিট ঢালি বান্ধৰ উচ্চতা ৩৭ মিটাৰ বৃদ্ধি কৰা হৈছে যি টো এক উল্লেখযোগ্য কৃতিত্ব । লগতে, পাৱাৰ হাউচৰ নদীৰ মুখামুখি দেৱালখন ১১৬ মিটাৰৰ সুৰক্ষিত উচ্চতালৈ সম্পূৰ্ণ কৰা হৈছে আৰু সকলো ইউনিটৰ টেইল ৰেচ চেনেল সম্পূৰ্ণ কৰা হৈছে। ৱাটাৰ কণ্ডাক্টৰ চিষ্টেম এতিয়া প্ৰায় সাজু হৈ আছে।

 পৰ্যালোচনাৰ পিছত, কেন্দ্ৰীয় মন্ত্ৰীয়ে কামৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে আৰু এনএইচপিচিক সকলো প্ৰয়োজনীয় সুৰক্ষাৰে সাৱধানতাৰ সৈতে আগবাঢ়ি যাবলৈ নিৰ্দেশ দিয়ে। এনএইচপিচিৰ অধ্যক্ষই আশ্বাস দিছিল যে কোম্পানীটোৱে অহা ডিচেম্বৰ বা জানুৱাৰী, ২০২৪-ত ২৫০ মেগাৱাট ক্ষমতাৰ প্ৰথম গোটটো কমিছন কৰিবলৈ চেষ্টা কৰি আছে।

বৈঠকত মন্ত্ৰালয়, কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকাৰী আৰু এনএইচপিচিৰ আন জ্যেষ্ঠ বিষয়া সকলৰ সৈতে শক্তি মন্ত্ৰালয়ৰ সচিব উপস্থিত থাকে।

Related News