NORTHEAST NOW (Assamese)
অসম

খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ প্ৰতিশ্ৰুতি গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজিৰকাৰ

Posted by: এন ই নাও নিউজ March 10, 2019 8:13 pm
Upamanyu Hazarika

লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতো ভাৰতীয় জনতা পাৰ্টী আৰু অগপ দলে এই পৰ্যন্ত নিৰ্বাচনী প্ৰতিশ্ৰুতি দিব নোৱাৰা কাৰ্যক আজি তীব্ৰ ভাষাৰে গৰিহনা দিয়ে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী উপমন্যু হাজৰিকাই।

নেতাগৰাকীয়ে আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কয়, ‘জাতি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি খিলঞ্জীয়া মানুহৰ ভোটেৰে চৰকাৰত অধিষ্ঠিত হোৱা বিজেপিয়ে যোৱা ৫ বছৰত খিলঞ্জীয়া স্বাৰ্থৰ পৰিপন্থী কাম কৰি এতিয়া নিজৰ বিফলতা ঢাকিবলৈ খিলঞ্জীয়াৰ স্বাৰ্থৰ বিষয় সমূহত নিমাত থাকিব’।

ইয়াৰ উপৰি ধৰ্মৰ নামত মেৰুকৰণ কৰি মুছলমান বাংলাদেশীৰ ভয় দেখুৱাই বিজেপিয়ে পুনৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ যো-জা চলোৱা বুলিও গুৰুতৰ অভিযোগ তোলে হাজৰিকাই।

উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনত চৰকাৰে খিলঞ্জীয়াৰ স্বাৰ্থ জড়িত নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়াতো বাদেই, বিষয় সমূহত নিজৰ স্থিতি ৰাজহুৱা কৰিবও বিচৰা নাই বুলি কিছুদিন পূৰ্বে আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কৰা মন্তব্যকো হাজৰিকাই আজি প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে পূৰ্ণ সমৰ্থন আগবঢ়ায়।

ইয়াৰ উপৰি ৰাজনৈতিক দল সমূহক নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ লগতে খিলঞ্জীয়াৰ স্বাৰ্থ জড়িত নিৰ্বাচনী বিষয় সমূহতো নিজৰ নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাই হাজৰিকাই।

তেওঁ লগতে কয়, ‘আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী হিচাপে মোৰ এজেণ্ডা হ’ব খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰা’।

ইফালে হাজৰিকাই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত হোৱা ব্যাপক খেলিমেলি তথা চাকৰিৰ অবাধ কেলেংকাৰিত নিমজ্জিত হৈ থকা বিজেপি চৰকাৰক খিলঞ্জীয়াৰ স্বাৰ্থ জড়িত নিৰ্বাচনী বিষয় সমূহত নিজৰ স্থিতি ৰাজহুৱা কৰিবলৈ দাবী জনায়।