NORTHEAST NOW (Assamese)
Popular Stories

দেশৰ ভিতৰতে মৌন ৯ জন সাংসদৰ তালিকাত থকা প্ৰদান বৰুৱাই স্থান পালে সৰ্বদলীয় প্ৰতিনিধি দলত!

Posted by: অঞ্জুমান ভৰদ্বাজ May 18, 2025 2:46 pm
দেশৰ ভিতৰতে মৌন ৯ জন সাংসদৰ তালিকাত থকা প্ৰদান বৰুৱাই স্থান পালে সৰ্বদলীয় প্ৰতিনিধি দলত!

বিদেশত ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী স্থিতি দাঙি ধৰিবলৈ গঠন কৰা সৰ্বদলীয় প্ৰতিনিধিৰ দলত স্থান পালে অসমৰ লখিমপুৰ জিলাৰ সাংসদ প্ৰদান বৰুৱাই। ইণ্ডোনেছিয়া, মালয়েছিয়া, দক্ষিণ কোৰিয়া, জাপান আৰু ছিংগাপুৰ যাবলগীয়া ৯ জনীয়া প্ৰতিনিধি দলত সাংসদ প্ৰদান বৰুৱাৰ নাম দেখা গ’ল।

কিন্তু লোকসভাত নিস্ক্ৰিয় সাংসদৰ শীৰ্ষ তালিকাত নাম সংঘবদ্ধ হোৱা প্ৰদান বৰুৱাৰ প্ৰতিনিধি দলত নাম সোমোৱাত সচেতন নাগৰিক সমাজে আশ্বৰ্য প্ৰকাশ কৰিছে।

২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বেচৰকাৰী সংস্থা পিআৰএছ লেজিছলেটিভ ৰিচাৰ্চে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতীয় জনতা পাৰ্টিৰ হৈ লখিমপুৰক প্ৰতিনিধিত্ব কৰা প্ৰদান বৰুৱা লোকসভাৰ ৯ গৰাকী নীৰৱ সাংসদৰ ভিতৰত অন্যতম। উপস্থিতিৰ ক্ষেত্ৰত সক্ৰিয় থকাৰ পাছতো বৰুৱাই মৌনতা অৱলম্বন কৰি বিতৰ্কত অংশ লোৱাৰ পৰা বিৰত থকাৰ কথা তথ্যৰ পৰা জানিব পৰা গৈছিল।

উল্লেখ্য যে, লোকসভাত বৰুৱাই ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈকে কেৱল মাত্ৰ ১৫টা লিখিত প্ৰশ্নহে দাখিল কৰিছিল।

যিটো সময়ত বৰুৱা এই মৌনতা আৰু সংসদত গ্ৰহণ কৰা নীৰৱ ভূমিকাৰ বাবে বিভিন্ন সময়ত সমালোচনাৰ সন্মুখীন হৈছে তেনে এটা প্ৰেক্ষাপটত প্ৰদান বৰুৱাৰ দৰে জনপ্ৰতিনিধিক বিদেশত ভাৰতৰ স্থিতি আৰু পক্ষ উপস্থাপনৰ বাবে কি দক্ষতা দেখি নিৰ্বাচন কৰা হ’ল তাক লৈয়ো প্ৰশ্নৰ উদয় হৈছে। নে পৃথক দেশত গৈ সাৱলীল যুক্তি উপস্থাপনৰ বাবে সাংসদ হোৱাটোকেই একমাত্ৰ যোগ্যতা হিচাপে গণ্য কৰা হৈছে?