NORTHEAST NOW (Assamese)
Popular Stories

শতবৰ্ষ গৰকিবলৈ ওলোৱা লেখক, চাহশিল্পৰ বিশেষজ্ঞ প্ৰদীপ চন্দ্ৰ দত্ত আৰু নাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 19, 2023 8:40 pm

যোৰহাটৰ বঙালপুখুৰী নিবাসী শ্ৰী প্ৰদীপ চন্দ্ৰ দত্তই বুধবাৰে বিয়লি বাৰ্ধক্যজনিত কাৰণত ৯৮ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। গোলাঘাটৰ দ চমুৱা গাঁৱৰ স্বৰ্গীয় পূৰ্ণচন্দ্ৰ দত্তৰ দ্বিতীয় সন্তান প্ৰদীপ চন্দ্ৰ দত্তই এক বৰ্ণাঢ্য জীৱন পৰিক্ৰমা সম্পূৰ্ণ কৰে। 

২০১৪ চনত তেখেতৰ সহধৰ্মীনি  সুলেখিকা তথা অভিনেত্ৰী নানু দত্তৰ বিয়োগৰ পিছত তেখেতে লেখা পঢ়াৰ কামত নিজকে ব্যস্ত কৰি ৰাখে। 

১৯২৮ চনৰ ২৮ ডিচেম্বৰত জন্ম হোৱা প্ৰদীপ চন্দ্ৰ দত্তই তেখেতৰ ৰোমাঞ্চকৰ জীৱনৰ আত্মকথা “সময় আৰু সংগ্ৰাম” ৰচনা কৰে। 

গোলাঘাটৰ হামদৈ আৰু বেজবৰুৱা স্কুলত কিছুদিন পঢ়ি তেখেতে মোমায়েকৰ ঘৰত থাকি নগাঁৱ চৰকাৰী হাইস্কুলত পঢ়া শুনা কৰে। পঢ়া-শুনা, খেলা-ধূলা, অভিনয় আদি সকলো কামতে তেখেতৰ প্ৰতিভা ফুটি উঠে। 

নগাঁৱত পঢ়াৰ সময়ৰ পৰাই বিশিষ্ট সাহিত্যিক ভবেন্দ্ৰ নাথ শইকীয়া আছিল তেখেতৰ নলে-গলে লগা বন্ধু ।  কৰ্মক্ষেত্ৰত এজন চাহ শিল্পৰ বিশেষজ্ঞ আছিল তেওঁ। ব্যৱসায়ত যোৰহাটৰ হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ তেখেত সোঁহাত স্বৰূপ আছিল। প্ৰায় ৮০ বছৰ বয়সলৈকে তেওঁ চাহ উদ্যোগৰ পৰামৰ্শদাতা আছিল। 

ইয়াৰ উপৰিও গুৱাহাটীৰ সন্মানীয় গিৰিজানন্দ বিশ্ববিদ্যালয়ৰ প্ৰথম মেনেজিং ট্ৰাষ্ট্ৰী আছিল প্ৰদীপ চন্দ্ৰ বৰুৱা। তেওঁ দুখীয়া-নিছলা মানুহক সহায় কৰি ভাল পাইছিল।

অতি স্পষ্টবাদী আৰু নিৰ্ভীক প্ৰদীপ দত্ত নিজে হাতে কামে কৰি ভালপোৱা এজন আদৰ্শৱান পুৰুষ আছিল। তেখেতৰ মৃত্যুত যোৰহাটৰ বঙাল পুখুৰী তথা ন-আলিৰ অঞ্চলত শোঁকৰ ছাঁ বিৰাজ কৰিছে। তেখেতৰ আত্মজীৱনী ‘সময় আৰু সংগ্ৰাম’ এখন অতি মনোৰম অভিজ্ঞতাৰে ভৰা জনপ্ৰিয় গ্ৰন্থ। গ্ৰন্থখনি সময়ৰো এক দলিলস্বৰূপ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে যোৰহাটৰ তৰাজানত তেখেতৰ নশ্বৰ দেহৰ শেষকৃত সম্পন্ন কৰা হ’ব।