NORTHEAST NOW (Assamese)

ধ্বনি ভোটত বিজয়ী প্ৰমোদ বড়োৰ বিটিচিৰ পৰিষদ : উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি বিপিএফৰ পাৰিষদৰ

December 24, 2020 12:16 pm · এন ই নাও নিউজ
Updated: December 24, 2020 1:00 pm

অৱেশষত সকলো জল্পনা কল্পনাৰ অৱসান ঘটিল বিটিচিত। বিটিচিৰ পূৰ্বৰ চীফ হাগ্ৰামাৰ মহিলাৰীৰ পুনৰ বিটিচিৰ পৰিষদ গঠনৰ স্বপ্নও ওৰ পৰিল আজি।

প্ৰমোদ বড়োৰ নেতৃত্বাধীন য়ুপিপিএল-বিজেপি-জিএছপিৰ বিটিচিৰ পৰিষদে আজি অনুষ্ঠিত আস্থা ভোটত বিজয়ী হৈছে। ইয়াৰ লগে লগে প্ৰমোদ বড়োৰ বিটিচি পৰিষদৰ ন্যায়িক বাধাৰো অৱসান ঘটে।

উল্লেখ্য যে বিপিএফৰ এক আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰমোদ বড়োৰ বিটিচি পৰিষদক আস্থা ভোটৰ সন্মুখীন হ’বলৈ নিৰ্দেশ দিছিল।

আজি অনুষ্ঠিত বিটিচি পৰিদষদীয় অধিৱেশনত প্ৰমোদ বড়োৱে ধ্বনি ভোটত বিজয় সাৱস্ত্য কৰাৰ পূৰ্বে বিপিএফে সদনৰ পৰিৱেশ উত্তপ্ত কৰি তোলে। যাৰ ফলত সদন ১০ মিনিটৰ বাবে স্থগিত ৰাখিবলগীয়া হয়।

বিপিএফে বেলট পেপাৰত আস্থা ভোটৰ দাবী কৰিছিল যদিও অধ্যক্ষই সেই দাবী নস্যাৎ কৰি ধ্বনি ভোটৰ আহ্বান কৰে। আৰু ধ্বনি ভোটত প্ৰমোদ বড়োৰ বিটিচি পৰিষদে বিজয়ী হোৱা বুলি অধ্যক্ষই ঘোষণা কৰে।

ইয়াৰ পিছতে বিপিএফৰ পাৰিষদসকলে সদনৰ পৰিৱেশ পুনৰ উত্তপ্ত কৰি তোলে।

ইফালে বিটিচিৰ চীফ প্ৰমোদ বড়োৱে সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি বিপিএফৰ সদস্যসকলে অধ্যক্ষৰ মাইকৰ ফোনটো ভাঙি দিয়া বুলি দাবী কৰিছে।

আনহাতে আজি কাটিৰাম বড়োক বিটিচি সদনৰ অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়।

Related News