NORTHEAST NOW (Assamese)
অসম

কাৰ ভুলৰ বাবে ৰাষ্ট্ৰীয় হকী শিবিৰত অংশগ্ৰহণৰ পৰা বঞ্চিত হ’ল খেলুৱৈ প্ৰসেনজিৎ দেৱ?

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ February 17, 2022 11:31 am

কাৰ ভুলৰ বাবে বঞ্চিত হকী খেলুৱৈ প্ৰসেনজিৎ দেৱ? অসমৰ জুনিয়ৰ হকী খেলুৱৈ প্রসেনজিৎ দেৱক জুনিয়ৰ ৰাষ্ট্ৰীয় হকী শিবিৰলৈ আমন্ত্ৰণ জনোৱা হৈছিল।কিন্তু যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই শিবিৰৰ কথা ১১ ফেব্ৰুৱাৰীতহে গম পায় খেলুৱৈজনে ।

ফলত আৰ্থিক অসুবিধাৰ বাবেই যাব নোৱাৰিলে খেলুৱৈজন।উল্লেখ্য যে শিবিৰটো যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চমুকৈ ছাইৰ বেংগালুৰুত থকা নেছনেল চেণ্টাৰ অৱ এক্সিলেন্সত জুনিয়ৰ পুৰুষ টপছ শাখাত অনুষ্ঠিত হৈছে ।

উক্ত শিবিৰত ১৩ ফেব্ৰুৱাৰীত উপস্থিত হৈ প্ৰশিক্ষক বি জে কেৰীয়াপ্পাৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছিল বেংগালুৰু ছাইৰ ভাৰপ্ৰাপ্ত সঞ্চালকে।

এই কথা টেলিফোন যোগে খেলুৱৈজনক জনাই অসম হকী সন্থাৰ সম্পাদক তপন দাসে ।লগতে পোনপটীয়াকৈ ৰাষ্ট্ৰীয় শিবিৰলৈ আমন্ত্ৰণ লাভ কৰা প্ৰসেনজিতেই প্ৰথমগৰাকী অসমৰ পুৰুষ হকী খেলুৱৈ বুলি দাসে মন্তব্য কৰে ।

এই জুনিয়ৰ ৰাষ্ট্ৰীয় হকী শিবিৰলৈ আমন্ত্ৰিত মুঠ ৬৫ গৰাকী খেলুৱৈৰ মাজৰ পৰা ৩৭ গৰাকীক ৰাখি বাকীসকলক যাবলৈ দিয়া হ’ব । আমন্ত্ৰিত সকলো খেলুৱৈকে জন্মৰ প্ৰমাণপত্ৰ আৰু পাছপৰ্টৰ লগতে বেংকৰ নথিপত্ৰ নিবলৈ কোৱা হৈছে ।

কিন্তু ৰাষ্ট্ৰীয় শিবিৰলৈ আমন্ত্ৰণ লাভ কৰা সত্বেও এতিয়া পাছপ’ৰ্ট নথকাত ৰাষ্ট্ৰীয় জুনিয়ৰ হকীৰ অনুশীলনৰ শিবিৰত ভাগ ল’ব নোৱাৰিলে খেলুৱৈ গৰাকীয়ে । এতিয়া প্ৰশ্ন হয় কাৰ ভুলৰ বাবে প্ৰতিভাৱান খেলুৱৈ গৰাকী বঞ্চিত হ’বলগা হ’ল?

কিয় আগতীয়াকৈ জনোৱা নহ’ল খেলুৱৈগৰাকীক।?কিয় প্ৰশিক্ষণ শিবিৰলৈ নিমন্ত্ৰণী পত্ৰ দিয়াৰ পাছতো খেলুৱৈগৰাকীয়ে লাভ কৰিবলৈ সক্ষম নহ’ল সেই পত্ৰ? অসম হকী সন্থাৰ বিষয়ববীয়াৰ অমনযোগিতাৰ ফল ভোগ কৰা নাইতো খেলুৱৈগৰাকীয়ে?

এনেবোৰ প্ৰশ্নই এতিয়া ক্ৰিয়া কৰিছে সচেতন মহলৰ মনত।