NORTHEAST NOW (Assamese)
অসম

দীনদয়াল দিব্যাংগ আঁচনিৰ ধন মোকলাই দিবলৈ চৰকাৰক আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা June 3, 2020 6:29 pm
Pratibandhi Suraksha Sangstha appeals Govt to provide assistance under Deendayal Divyang Sahajya Scheme

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে প্ৰতিবন্ধী লোকসকলক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকৰে৷

ৰাজ্যৰ প্ৰতিবন্ধী ভাই-ভনীসকলক জীযাই থকাৰ স্বাৰ্থত শীঘ্ৰেই দীনদয়াল দিব্যাংগ আঁচনিৰ ধন মোকলাই দিবলৈ আহ্বান সংস্থাৰ সম্পাদক মালাকৰৰ৷

মালাকৰে কয় “বিগত বৰ্ষত নতুনকৈ নিৰ্বাচিত কৰা ১৩৭৫৩গৰাকী ব্যক্তিৰ বিপৰীতে ১৬,৫০,৩৬,০০০ টকা মুকলি কৰি দিয়াৰ বাবে ২৭ ফেব্ৰুৱাৰীতে সমাজ কল্যাণ বিভাগৰ সঞ্চালকৰ পৰা বিভাগৰ অতিৰিক্ত মুখ্য সচিবলৈ প্ৰেৰণ কৰিছিল এক পত্ৰ।”

গুৰুত্বপূৰ্ণ এই যে বিভাগৰ একাংশ কৰ্মচাৰীৰ গাফিলতিৰ বাবে এই ধনৰাশি বিত্ত বিভাগৰ পৰা মুকলি কৰি দিয়া নহ’ল৷

যাৰ পৰিপ্ৰেক্ষিতত প্ৰাপ্যৰ পৰা দিব্যাংগসকল বঞ্চিত হৈছে বুলি কয় মালাকৰে৷

ক্ষোভ প্ৰকাশ কৰি মালাকৰে কয় “লকডাউনৰ পৰিপ্ৰেক্ষিতত ২৬ মাৰ্চতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে প্ৰতিবন্ধীসকলক এহেজাৰ টকাকৈ এককালীন সাহায্যৰ ঘোষণা কৰিছিল কিন্তু এইক্ষেত্ৰত ব্যৱস্থাই গ্ৰহণ নকৰিলে ৰাজ্য চৰকাৰখনে।”

২৩ এপ্ৰিলত ৰাজ্যৰ মুখ্য মন্ত্ৰী, বিত্তমন্ত্ৰী, মুখ্য সচিবকে ধৰি অন্যান্য মন্ত্ৰী-বিধায়কক স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল যদিও আজিলৈ বঞ্চিত হৈ ৰ’ল প্ৰতিবন্ধীসকল৷

যাৰ বাবে ৩০ জুনৰ ভিতৰত এই বিষয় সন্দৰ্ভত পদক্ষেপ ল’বলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়৷

যদি এইক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান নকৰে, তেনেহ’লে পাই হেৰুৱা আৰু নোপোৱাৰ বেদনাত ক্ষুব্ধ হৈ প্ৰতিবন্ধীসকলে জুলাই মাহৰ প্ৰথম সপ্তাহত ৰাজপথত ওলাই আহিবলৈ বাধ্য হ’ব বুলি কয় মালাকৰে৷