NORTHEAST NOW (Assamese)
অসম

সন্মুখত পঞ্চায়ত নিৰ্বাচন; মাৰ্ঘেৰিটাত আধাৰশিলা স্থাপনৰ বাহাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ

Posted by: মানস প্ৰতিম গগৈ November 4, 2018 6:46 pm
Margherita

সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যৰ প্ৰায় সমূহ সমষ্টিৰ বিধায়কৰ লগতে নেতা কৰ্মীসকলক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত পিছপৰি ৰোৱা নাই মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাও।

মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত মাৰ্ঘেৰিটা, লিডু আৰু ইয়াৰ উপকন্ঠ অঞ্চলসমূহৰ পৃথক পৃথক ঠাইত আজি একেটা দিনতে বিধায়ক ভাস্কৰ শৰ্মাই ২৯ টা আঁচনিৰ আধাৰশিলা স্থাপন কৰে।

২০১৮-১৯ বিত্তীয় বৰ্ষৰ এচ অ পি ডি আঁচনিৰ অধিনত মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অন্ঞ্চলত ৰূপায়িত হব’লগীয়া  আঁচনি সমূহৰ ভিতৰত অন্যতম হৈছে মাৰ্ঘেৰিটাৰ বি কে চেতিয়া পথ, চেগুনবাৰী চাহ বাগিচাৰ পথ, মাৰ্ঘেৰিটা মহাবিদ্যালয় পথ, পেঙেৰী-ফি’লবাৰী পথ আৰু প্ৰধান মন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনাৰ অধিনত মাৰ্ঘেৰিটা সমষ্টিত ৰূপায়িত হ’ব লগীয়া আঁচনি সমূহৰ ভিতৰত আছে শিৱ মন্দিৰৰ পৰা প্ৰধান বস্তি লৈ পেভাৰ ব্লক পথ, টিৰাপ কলিয়ৰীৰ পৰা বিছা গাওঁ পথ, শংকৰদেৱ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চাৰিসীমাৰ পকি দেৱাল নিমাৰ্ণ ইত্যাদি।

আজি প্ৰায় ৩০ কোটি টকাৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয় বুলি সদৰী কৰি বিধায়ক শৰ্মাই নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পূৰ্বে আৰু কেইবাটাও আঁ‌চনিৰ আধাৰশিলা স্থাপন কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

আজিৰ উক্ত আধাৰশিলা স্থাপন কাৰ্যসূচীত শৰ্মাক দিচেন টিপমীয়া, ধীৰাজ সোণোৱাল, সুখদেৱ শৰ্মা আদি নেতাই সংগ দিয়ে।