NORTHEAST NOW (Assamese)

যৌতুকৰ বাবে হেচাঁ! অন্তঃসত্ত্বা অভিযন্তাক গৃহৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ

August 29, 2025 11:47 am · এন ই নাও নিউজ, গুৱাহাটী

যৌতুক হাৰাশাস্তিৰ সৈতে জড়িত আন ঘটনাৰ বুধবাৰে বেংগালুৰুৰ এটা ঘৰত ওলমি থকা অৱস্থাত এগৰাকী ২৭ বছৰীয়া মহিলাক উদ্ধাৰ কৰা হয়। মহিলাগৰাকীৰ স্বামীক আৰক্ষীয়ে আত্মহত্যাত সহযোগ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

মৃতক শিল্পাই শহুৰেকে অহৰহ যৌতুকৰ বাবে হাৰাশাস্তি কৰাৰ বাবে আত্মহত্যাৰ পথ বাচি লোৱা অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিল্পাৰ স্বামী প্ৰবীণ, যি এজন প্ৰাক্তন চফটৱেৰ পেছাদাৰী।

ইয়াৰ পূৰ্বে ইনফছিছৰ সৈতে কাম কৰা শিল্পাই প্ৰবীণৰ সৈতে প্ৰায় তিনিবছৰ আগত বিবাহপাশত আবদ্ধ হৈছিল। দম্পতীহালৰ ডেৰ বছৰীয়া এটি সন্তান আছে, আৰু তেওঁৰ পৰিয়ালে শিল্পা পুনৰ গৰ্ভৱতী হোৱা বুলি কয়।

তেওঁলোকৰ অভিযোগত শিল্পাৰ পিতৃ-মাতৃয়ে উল্লেখ কৰিছে যে বিয়াৰ পূৰ্বে প্ৰবীণৰ পৰিয়ালে প্ৰথমে নগদ ১৫ লাখ টকা, ১৫০ গ্ৰাম সোণৰ গহনা আৰু ঘৰুৱা সামগ্ৰী দাবী কৰিছিল।

এই দাবীসমূহ পূৰণ কৰাৰ পাছতো শিল্পাক বিয়াৰ পিছত অধিক ধন আৰু মূল্যৱান সামগ্ৰীৰ বাবে বাৰে বাৰে হেঁচা দিয়া হৈছিল বুলি অভিযোগ উত্থাপন কৰে।

শিল্পাৰ জ্যেষ্ঠ ভাতৃ চেন্নাবাছায়্যাই কয় যে, আমি তিনি বছৰ পূৰ্বে শিল্পাৰ বিয়া পাতি দিছিলোঁ। আমি আমাৰ ঘৰটো বিক্ৰী কৰি বিয়াৰ বাবে ৪০ লাখ টকা খৰচ কৰিছিলো।বিয়াৰ সময়ত আমি শিল্পাক ১৬০ গ্ৰাম সোণৰ অলংকাৰো দিছিলো। কেইমাহমানৰ আগতে তেওঁ আমাৰ পৰা আৰু ১০ লাখ টকা লৈছিল। তেওঁলোকৰ এতিয়া ডেৰ বছৰীয়া সন্তান আছে, আৰু শিল্পা পুনৰ গৰ্ভৱতী আছিল। বিয়াৰ সময়ত তেওঁ নিজকে বি.ই., এম.টেক গ্ৰেজুৱেট বুলি দাবী কৰিছিল। কিন্তু যোৱা দুবছৰ ধৰি তেওঁ পানী পুৰী বিক্ৰী কৰি আহিছে।”

শিল্পাৰ মৃত্যুৰ পৰিস্থিতিৰ ওপৰতো সন্দেহ উত্থাপন কৰে চেন্নাবছায়্যাই।তেঁওৰ মতে, “ঘৰৰ ভিতৰত চকী বা ফেনৰ তলত কোনো বস্তু ৰখা নাছিল। ফেনখনো কাৰো সহজে পোৱা উচ্চতাত নাছিল। দুৱাৰখনো ভাঙি যোৱাৰ কোনো চিন নাছিল।”

আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Related News