NORTHEAST NOW (Assamese)
অসম

Pregnant woman raped in Guwahati গুৱাহাটী মহানগৰীত দলবদ্ধ ধর্ষণৰ বলি এগৰাকী অন্তঃসত্তা মহিলা

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী July 22, 2022 8:23 pm

গুৱাহাটী মহানগৰীত ঘটিল এক জঘন্য ঘটনা।

দলবদ্ধ ধর্ষণৰ বলি এগৰাকী অন্তঃসত্তা মহিলা।

জানিব পৰা মতে ধর্ষণকাণ্ডত বলি হৈ মহিলাগৰাকীৰ নষ্ট হয় পেটৰ সন্তান।

মহিলাগৰাকীয়ে আত্মৰক্ষাৰ বাবে পলাবলৈ লওঁতেই পেটতো গুৰিয়ায়।

গুৱাহাটীৰ বাঘৰবড়ীৰ এটা অট্টালিকাত ঘটিল এই ঘটনা।

সুৰাসক্ত এটা যুৱকৰ দলে ধর্ষণ কৰিলে অন্তঃসত্তা মহিলাগৰাকীক।

সাতগাঁও থানাত গোচৰ দিলে ভুক্তভোগী পৰিয়ালটোৱে।

ঘৰত অকলে থকাৰ সুযোগতে যুৱক দলটোৱে মহিলাগৰাকীক ধর্ষণ কৰিলে।

ঘটনা সন্দৰ্ভত গুৱাহাটীৰ সাতগাঁও থানাত ৰুজু হৈছে এটা গোচৰ।

এইপৰ্যন্ত ধৰ্ষণকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

ডেৰ মহীয়া অন্তঃসত্ত্বা আছিল মহিলাগৰাকী