NORTHEAST NOW (Assamese)

পৰিকল্পিত হত্যা কৰা হৈছিল নেকি ফুটবলৰ ৰাজপুত্ৰ ডিয়েগো মাৰাডোনাক? তদন্ত অব্যাহত

May 20, 2021 9:33 pm · এন ই নাও নিউজ

যোৱা বৰ্ষৰ ২৫ নৱেম্বৰত মৃত্যু হৈছিল ফুটবলৰ ৰাজপুত্ৰ ডিয়েগো মাৰাডোনা।

মাৰাডোনাৰ মৃত্যুৰ পাছত অনুৰাগীসকল শোকস্তব্ধ হোৱাৰ উপৰিও তেওঁৰ মৃত্যুক লৈ বহুতো প্ৰশ্নও উত্থাপন কৰিছিল।

ইয়াৰ মাজতে মাৰাডোনাক পৰিকল্পিত হত্যা কৰাৰ সন্দেহত ৭ জন লোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হৈছে।

আৰ্জেণ্টিনাৰ এক আদালতৰ পৰা এই খবৰ সংবাদসংস্থা এএফপিলৈ প্ৰেৰণ কৰা হৈছে।

অভিযুক্তসকলৰ মাজত আছে স্নায়ু শল্য চিকিৎসক লিঅ’পল্ড ল্যুক, মনোৰোগ বিশেষজ্ঞ অগাষ্টিনো কোচাছভ আৰু মনোবিজ্ঞানী কাৰ্লোছ ডিয়াজ।

অভিযোগৰ সত্যতা প্ৰমাণিত হ’লে ৮ৰ পৰা ২৫ বছৰলৈকে এওঁলোকৰ কাৰাদণ্ড হ’ব পাৰে।

৬০ বৰ্ষীয় মাৰাডোনা মৃত্যু হওঁতে হৃদৰোগত মৃত্যু হোৱা বুলি খবৰ উলাইছিল।

তাৰপাছতে তেওঁৰ মৃত্যুৰ তদন্ত আৰম্ভ হয়।

তদন্তত জনা গৈছে যে মাৰাডোনাৰ চিকিৎসাত গাফিলতি হৈছিল।

অভিযুক্তসকল বিদেশ ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

মাৰাডোনাৰ দুই কন্যাই স্নায়ু শল্য চিকিৎসক ল্যুকৰ বিৰুদ্ধে অভিযোগ আৰোপ কৰে।

মস্তিষ্ক অস্ত্ৰোপচাৰৰ পাছত মাৰাডোনাৰ শৰীৰ অধিক বেয়ালৈ ঢাল খোৱাৰ বাবে ল্যুকক দায়ী কৰে মাৰাডোনাৰ দুই কন্যাই।

Related News