NORTHEAST NOW (Assamese)
অসম

টীয়কত আলি আই লৃগাঙৰ প্ৰস্তুতি; ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয়ে উদযাপন কৰে এই উৎসৱ

Posted by: এন ই নাও নিউজ, টীয়ক Updated by: এন ই নাও নিউজ, টীয়ক February 13, 2022 2:28 pm
Ali Aai ligang

আলি আই লৃগাং অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ এক কৃষিভিত্তিক উৎসৱ। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয় লোকসকলে উদযাপন কৰে এই উৎসৱ।

উক্ত দিনটোতে আগন্তুক বৰ্ষৰ বাবে পূৰ্বৰ পৰা চলি অহা জনগোষ্ঠীয় নীতি পৰম্পৰাৰে কৃষক সমাজে কঠিয়া ৰোপণ কৰাৰ লগতে পূৰ্বপুৰুষসকলক স্মৰণ কৰি আগন্তুক খেতি খোলা যাতে সুন্দৰ হৈ পৰে তাৰ বাবে নেদেখাজনৰ চৰণৰ সেৱা জনায়।

টীয়কৰ বানেগৰকা জাঁজীমুখৰ বৰমথাউৰি গাঁৱতো এই উৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে।গাঁৱখনৰ পুৰুষ মহিলা ডেকা গাভৰু সকলো ব্যস্ত হৈ পৰিছে আপোন বিহুটিক আদৰিবলৈ।

লগতে পঢ়ক: বিজেপি-আৰএছএছে অসমীয়া ভাষা-সংস্কৃতি, অসমীয়া জাতিৰ বুৰঞ্জী-ঐতিহ্য পাহৰাই দিব বিচাৰিছে: অখিল গগৈ

বছৰটোৰ অধিকাংশ সময়ে বান গৰাখহনীয়া সমস্যাৰ মাজত জীৱন অতিবাহিত কৰা এইসকল গঞাই  আপোন উৎসৱটি আদৰিবলৈ সকলো ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰিছে।

যুৱতীসকলে তাঁতত চেনাইলৈ জনগোষ্ঠীয় কাপোৰ বোঁৱা, পৰ আপিং, চাই আপোং আদি পম্পৰাগত খাদ্য প্ৰস্তুতত ব্যস্ত হোৱাৰ সমান্তৰালকৈ যুৱক সকলো মৰংঘৰ, কঠিয়নী আদি প্ৰস্তুতত ব্যস্ত হৈ পৰিছে।

ইপিনে কামৰ মাজতে ঐনিতমৰ সুৰ জুৰি গোমৰাক নৃত্যৰে আনন্দ কৰিছে  যুৱক-যুৱতীয়ে। লগতে উক্ত অনুষ্ঠানত বৰাক-বহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সকলো ৰাইজৰে সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে।