NORTHEAST NOW (Assamese)
অসম

পাঠশালাত প্ৰত্যুৎপন্নমতিত্বৰ বলত কেবিচিৰ নাম লোৱা প্ৰতাৰকৰ পৰা ৰক্ষা পৰিল যুৱতী

Posted by: শশাংক তালুকদাৰ August 11, 2018 8:56 am
KBC-pic-570x320

পাঠশালা চহৰৰ নিকটবৰ্তী এখন গাঁৱৰ এগৰাকী যুৱতীয়ে নিজৰ প্ৰত্যুৎপন্নমতিত্বৰ বলত প্ৰতাৰকৰ হাতৰ পৰা ৰখা পৰিবলৈ সক্ষম হৈছে। যুৱতীগৰাকীয়ে নৰ্থ-ইষ্ট নাওক জনোৱা মতে, উক্ত যুৱতীগৰাকীলৈকে ছনি এণ্টাৰটেইনমেণ্ট টেলিভিশ্যনৰ পৰা এটা ফোনকল আহি তেওঁক জনোৱা হয় যে তেওঁ চেনেলটোৰ দ্বাৰা প্ৰচাৰিত ‘কৌন বনেগা ক্ৰোড়পতি’ত ৩৫ লাখ টকা লাভ কৰিছে। তেওঁক লগতে এই ধনৰাশি লাভ কৰাৰ চৰ্ত হিচাপে ৩৫ হেজাৰ টকা এটা বেংক একাউণ্টত জমা দিবলৈ কোৱা হয়। এই নম্বৰটো যুৱতীগৰাকীলৈ মেছেজ কৰি দিয়া হৈছিল।

সন্দেহবশতঃ যুৱতী গৰাকীয়ে এই ধনৰাশি জমা কৰিবলৈ অমান্তি হয়। সেই একেই হেকাৰ গৰাকীয়ে যুৱতীগৰাকীক পুনৰ ৫০০ টকা জমা দি ৫ লাখ টকা লাভ কৰিবলৈ কয়।

যুৱতীগৰাকীয়ে পুনৰ টকা জমা দিবলৈ অমান্তি হোৱাত হেকাৰজনে যুৱতীগৰাকীৰ হোৱাটছএপ নম্বৰত এটা অ’পিডি প্ৰেৰণ কৰে  আৰু তেওঁক সেইটো পুনৰ প্ৰেৰণ কৰাৰ বাবে অনুৰোধ কৰে। যুৱতীগৰাকীয়ে এইবাৰ তেওঁ কোৱা মতে কাম কৰাত তেওঁৰ হোৱাটছএপ নম্বৰটো হেক হৈ যায়।

তাৰ পাছত যুৱতীগৰাকীয়ে এই সমস্ত ঘটনা নিজৰ ফেচবুক পোষ্টত শ্বেয়াৰ কৰে।

এগৰাকীয়ে তেওঁৰ ফেচবুক পোষ্টটো পঢ়ি অসম আৰক্ষীৰ মোবাইল নম্বৰ দি সহায় বিচাৰিবলৈ পৰামৰ্শ দিয়ে। অসম আৰক্ষীয়ে যুৱতীগৰাকীত তেওঁৰ হোৱাটছএপ নম্বৰটো পুনৰ লাভ কৰাত সহায় কৰে।