NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰপতি আলফা ক্ষমতাচ্যুত; বিশেষ সামৰিক গোটৰ হাতত গিনিৰ নিয়ন্ত্ৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2021 9:21 am
Guinea couped

গিনিত সামৰিক বাহিনীৰ এটা গোটে ক্ষমতা নিয়ন্ত্ৰণ কৰাৰ লগতে সংবিধানখন নিলম্বন কৰি নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি লৈছে।

এলুমিনিয়াম প্ৰস্তুতকাৰী কেঁচা মালৰ ভাণ্ডাৰ হিচাপে পৰিচিত পশ্চিম আফ্ৰিকাৰ এই দেশখনৰ ক্ষমতা দখল কৰাৰ কথা দেওবাৰে সদৰী কৰিছে গিনিৰ বিশেষ বাহিনীৰ মুৰব্বী কৰ্ণেল মামাডী ডোম্বয়াই। তেওঁ সামৰিক বাহিনীক সহায়ৰ বাবে আহ্বান জনাইছে।

গিনিৰ ৰাষ্ট্ৰপতি আলফা কোণ্ডেৰ নেতৃত্বত চলা বিত্তীয় খেলিমেলি তথা দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে এই পদক্ষেপ লোৱা বুলি কোৱা হৈছে।

মামাডী ডোম্বয়াই কয়,’’আপুনি যদি আমাৰ পথ, হাস্পাতালৰ অৱস্থা দেখে, আপুনি উপলব্ধি কৰিব যে এয়া আমাৰ জাগি উঠাৰ সময়। আমি এক সৰ্বাত্মক তথা শান্তিপূৰ্ণ ক্ষমতা পৰিৱৰ্তনৰ পথ মুকলি কৰিবলৈ এক ৰাষ্ট্ৰীয় সহমত গঠনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈ আছো।‘’

গিনিয়ে এলুমিনিয়াম প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় কেঁচা মাল বক্সাইট অষ্ট্ৰেলিয়া তথা চীনলৈ যোগান ধৰে। চীন হৈছে বিশ্বৰ আটাইতকৈ বেছি এলুমিনিয়াম গ্ৰহণ কৰা দেশ।

অভ্যুত্থানকাৰী সৈনিকসকলে গণতন্ত্ৰ প্ৰতিষ্ঠাৰ লক্ষ্যৰে ‘দ্য নেশ্যনেল কমিটি অফ গেডাৰিং এণ্ড ডেভেলপমেন্ট’ নামেৰে এক মঞ্চ গঢ়িছে।

মামাডী ডোম্বয়াই এক সংখ্যক সৈনিকৰ সৈতে গিনিৰ পতাকা উৰুৱাই ঘোষণা কৰে যে এগৰাকী সৈনিকৰ কৰ্তব্য হৈছে দেশখনক ৰক্ষা কৰা।

দেওবাৰৰ এই অভ্যুত্থানৰ পাছত আলফা কোণ্ডে ক’ত আত্মগোপন কৰি আছে সেইকথা জানিব পৰা হোৱা নাই।