NORTHEAST NOW (Assamese)
দেশ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 4, 2023 8:47 pm
Assam delimitation

যোৱা ডিচেম্বৰ মাহৰ পৰাই চলি আছিল ন্যায়ালয়ৰ কলেজিয়াম আৰু কেন্দ্ৰৰ বিতৰ্ক। কলেজিয়ামে দিয়া প্ৰস্তাৱ নাকচ কৰিছিল কেন্দ্ৰই। কিন্তু শেহতীয়াকৈ কলেজিয়ামৰ প্ৰস্তাৱত কেন্দ্ৰই দিয়া সন্মতিক্ৰমে শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উচ্চতম ন্যায়ালয়ত নিযুক্তি দিছে পাঁচজন নতুন ন্যায়াধীশ।

উল্লেখ্য যে কলেজিয়ামে পঠোৱা আৰু দুজনৰ প্ৰাৰ্থীৰ নাম এতিয়ালৈকে কেন্দ্ৰই গ্ৰহণ কৰা নাই। এই দুজনৰ নাম কেন্দ্ৰই গ্ৰহণ কৰিলেই ৩৪ জন ন্যায়াধীশেৰে সম্পূৰ্ণ হ’ব উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ বিচাৰমণ্ডল।

শনিবাৰে ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশ কেইগৰাকীক নিযুক্তি দিয়াৰ পিছতেই আইন মন্ত্ৰী কিৰেণ ৰিজ্জিজুৱে এটা টুইটত লিখিছে, “ভাৰতীয় সংবিধানৰ অধীনত থকা বিধান অনুযায়ী ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিম্নোক্ত মুখ্য ন্যায়াধীশ আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক নিযুক্তি দিছে। তেওঁলোক সকলোকে শুভেচ্ছা জনাইছোঁ“,

নৱনিযুক্ত সেই পাঁচজন ন্যায়াধীশ হৈছে

. ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ পংকজ মিথাল।

. পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ সঞ্জয় কেৰল।

. মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ পি ভি সঞ্জয় কুমাৰ।

. পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাহ।

. এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়াধীশ মনোজ মিশ্ৰ।

শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত কৈছিল যে কলেজিয়ামৰ পৰামৰ্শ অনুসৰি শীঘ্ৰে পাঁচজন নতুন ন্যায়াধীশ নিযুক্তি দিয়া হ’ব। যোৱা মাহত কলেজিয়ামে উচ্চ ন্যায়ালয়ৰ তিনিজন মুখ্য ন্যায়াধীশ আৰু দুজন ন্যায়াধীশৰ নাম শীৰ্ষ আদালতলৈ উন্নীত কৰাৰ বাবে পৰামৰ্শ দিছিল।