NORTHEAST NOW (Assamese)

তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

February 25, 2022 1:24 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছে।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে।

বিমান বন্দৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক অসমৰ ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ৰঞ্জিত দাসে আদৰণি জনায়।

গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে ৰাষ্ট্ৰপতি কোবিন্দ পোনে পোনে কামাখ্যা মন্দিৰলৈ ৰাওনা হয়।

কামাখ্যা দৰ্শন কৰাৰ পিছত তেওঁ সন্ধ্যা ৫ বজাত শংকৰদেৱ কলাক্ষেত্ৰত আহোম সেনাপতি লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

শনিবাৰে ৰাষ্ট্ৰপতি কোবিন্দে তেজপুৰ বিশ্ববিদ্যালয়ৰ ঊনবিংশ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে তেখেতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব।

তিনিদিনীয়া ভ্ৰমণসূচী সামৰি ৰাষ্ট্ৰপতি কোবিন্দ ২৭ ফেব্ৰুৱাৰী, দেওবাৰে নতুন দিল্লীলৈ ৰাওনা হ’ব।

Related News