NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰপতিয়ে অনলাইনৰ মাধ্যমেৰে উন্মোচন কৰিলে লাচিত মৈদামৰ প্ৰকল্প

Posted by: এন ই নাও নিউজ,টিয়ক Updated by: এন ই নাও নিউজ,টিয়ক February 25, 2022 8:18 pm

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত আহি উপস্থিত হয় ।

ৰাষ্ট্ৰপতি কোবিন্দে পুৱা গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ মা কামাখ্যা মন্দিৰ দৰ্শন কৰে।

ইয়াৰ পিছতে তেওঁ কইনাধৰাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি বিয়লি ৫.৪৫ বজাত শংকৰদেৱ কলাক্ষেত্ৰত জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষ্যে আয়োজিত সভাত উপস্থিত থাকে।

উক্ত সভাতেই তেওঁ অনলাইনৰ মাধ্যমেৰে যোৰহাটৰ টীয়কৰ ঐতিহাসিক লাচিত বৰফুকনৰ মৈদাম প্ৰাংগণত ৫০ বিঘা ভূমিত নিৰ্মাণ হোৱা লাচিত বৰফুকন মৈদাম উন্নয়ন প্ৰকল্পৰ শুভ উদ্বোধন কৰে ।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বুৰঞ্জীবিদ দয়ানন্দ বুঢ়াগোহাঁই, টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভৰালী প্ৰমুখ্যে জিলা- প্ৰশাসনৰ কেইবাগৰাকীও বিষয়ববীয়া ।